প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে। শ্রীমোদীয়ে আজি সামাজিক মাধ্যমৰ এটা বাৰ্তাত কয় যে প্রাক্তন ৰাজ্যপালগৰাকী এগৰাকী প্ৰসিদ্ধ অধিবক্তা আছিল আৰু তেওঁ অভাৱগ্ৰস্ত লোকৰ জীৱনৰ উন্নয়নৰ বাবে আইনী পেছাৰ ব্যৱহাৰত বিশ্বাস কৰিছিল। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে তেওঁ দেশৰ কনিষ্ঠতম ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰিছিল আৰু ৰাজ্যপালৰ কাৰ্যকালত মিজোৰামৰ জনমানসত মচিব নোৱাৰা চাপ এৰি থৈ যাবলৈ সমৰ্থ হৈছিল। সাংসদ হিচাপে স্বৰাজ কৌশলৰ দৃষ্টিভংগী অনুপ্ৰেৰণাদায়ক আছিল বুলি শ্রীমোদীয়ে উল্লেখ কৰে।
শ্রীবিৰলাই সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে প্রাক্তন ৰাজ্যপালগৰাকীয়ে তেওঁৰ সুদীৰ্ঘ ৰাজহুৱা জীৱনত ন্যায়পালিকা আৰু গণতন্ত্ৰৰ উচ্চ প্ৰমূল্যৰাজি অক্ষুণ্ণ ৰাখিছিল আৰু ৰাষ্ট্ৰসেৱাত জীৱন উচৰ্গা কৰিছিল। স্বৰাজ কৌশলৰ সৰল, সংবেদনশীল আৰু নিষ্ঠাপূর্ণ ব্যক্তিত্ব চিৰস্মৰণীয় হৈ ৰ’ব বুলি তেওঁ মন্তব্য কৰে।