■ অসম মন্ত্রীসভাই কালি মিছন বসুন্ধৰাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, শোণিতপুৰ, লখিমপুৰ, গোলাঘাট, নলবাৰী আৰু বৰপেটাত ৬৬০টা খিলঞ্জীয়া ভূমিহীন পৰিয়ালক চৰকাৰী ভূমি নিষ্পত্তিৰ ক্ষেত্ৰত অনুমোদন জনায়। মন্ত্রীসভাই শোণিতপুৰ, বৰপেটা আৰু গোলাঘাটত ৭১২টা খিলঞ্জীয়া পৰিয়ালক খাঁচ আৰু চিলিং উদ্বৃত্ত ভূমি নিষ্পত্তিৰ বাবেও অনুমোদন জনাইছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কেবিনেট বৈঠকৰ পাছত এই বিষয়ে প্ৰকাশ কৰে।
মন্ত্ৰীসভাৰ বৈঠকত কালি ৬টা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত বিধানসভাত যোৱা শনিবাৰে মন্ত্ৰীগোটে দাখিল কৰা প্রতিবেদনৰ আলোচনাৰ বাবে অসম জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতি অর্থাৎ চি চি টি অ’ এক আমন্ত্রণ জনোৱাৰো সিদ্ধান্ত লয়। প্রয়োজন সাপেক্ষে মুখ্যমন্ত্ৰীগৰাকী নিজেও জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ সৈতে আলোচনাত মিলিত হ’ব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে।
Site Admin | December 1, 2025 12:39 PM | Akashvani Guwahati | Assam Govt | Mission basundhara
মিছন বসুন্ধৰাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত ৬৬০টা খিলঞ্জীয়া ভূমিহীন পৰিয়ালক চৰকাৰী ভূমি নিষ্পত্তিৰ ক্ষেত্ৰত অনুমোদন