ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

মিচিং জনগোষ্ঠীয় ছাত্র সংগঠন টাকাম মিচিং পৰিন কেবাং চমুকৈ টি এম পি কে দাবী দিৱস পালন

ৰাজ্যৰ মিচিং বসতিপ্রধান অন্যান্য জিলাৰ লগতে ধেমাজি জিলাটো মিচিং জনগোষ্ঠীয় ছাত্র সংগঠন টাকাম মিচিং পৰিন কেবাং চমুকৈ টি এম পি কে দাবী দিৱস পালন কৰে। ১৯৮৪ চনৰ পৰা প্ৰতি বছৰে আজিৰ দিনটোত জনগোষ্ঠীটোৰ দল-সংগঠনসমূহে এই দিৱস পালন কৰি আহিছে। জনগোষ্ঠীটোৰ অমীমাংসিত ১৪ দফীয়াসমূহ মীমাংসাৰ বাবে এই কাৰ্যসূচী লোৱা হয়। জিলাখনৰ জোনাই আৰু চিলাপথাৰত আজি ছাত্ৰ সংগঠনটোৰ শতাধিক কর্মীয়ে মিচিং জনগোষ্ঠীয় অন্য দল-সংগঠনৰ সহযোগত এই দাবী দিৱস পালন কৰে। তেওঁলোকে জিলা আয়ুক্ত আৰু চক্রবিষয়াৰ জৰিয়তে দাবী সম্বলিত স্মাৰকপত্ৰ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী লৈ প্ৰেৰণ কৰে।