জুন মাহত পালন কৰা বিশ্ব পৰিৱেশ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত কয় যে পুনেৰ ৰমেশ খৰমালে আৰু তেওঁৰ পৰিয়ালে মাত্র দুমাহতে জুন্নাৰ পাহাৰত ৭০টা খাদ খান্দি পানী সংৰক্ষণ কৰি বীজ সিঁচিছিল। তেওঁ কয় যে শ্ৰী খৰমালে শ শ গছ ৰোপণ কৰি অক্সিজেন উদ্যান নিৰ্মাণ কৰিছে। ইয়ালৈ চৰাইবোৰ আহিবলৈ আৰম্ভ কৰিছে আৰু বন্যপ্ৰাণীবোৰে নৱ জীৱন লাভ কৰিছে। প্রধানমন্ত্ৰীগৰাকীয়ে আহমেদাবাদ পৌৰ নিগমৰ “দহ লাখ গছ ৰোপণ” অভিযানৰ বিষয়ে উল্লেখ কৰি কয় যে ইয়াত লাখ লাখ গছ ৰোপণৰ লক্ষ্য লোৱা হৈছে। এই অভিযানৰ অন্তৰ্গত সিন্দুৰবন অৰণ্য, অপাৰেচন সিন্দুৰৰ সাহসী যোদ্ধাসকলৰ বাবে উৎসর্গিত। তেওঁ লগতে কয় যে “মাৰ নামত এজোপা গছ অভিযান”ৰ অধীনত দেশত কোটি কোটি গছপুলি ৰোপণ কৰা হৈছে। সৰু সৰু অভ্যাসবোৰ যেতিয়া সামূহিক সংকল্প হৈ পৰে তেতিয়াই ডাঙৰ পৰিৱৰ্তন নিশ্চিত বুলি উল্লেখ কৰি প্রধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰৰ ছত্ৰপতি সস্তাজী নগৰ জিলাৰ পাটোড়া গাঁও পঞ্চায়তৰ কথা উল্লেখ কৰে। এই গাঁও পঞ্চায়তখন “কার্বন নিউট্রেল গাঁও পঞ্চায়ত”। ইয়াৰ প্ৰতিখন ঘৰৰ পৰা জাৱৰ সংগ্ৰহৰ সম্পূৰ্ণ ব্যৱস্থা আছে, লেতেৰা পানী পৰিশোধন কৰা হয় আৰু কোনো পানী পৰিষ্কাৰ নকৰাকৈ নদীলৈ যাবলৈ দিয়া নহয়।
Site Admin | June 29, 2025 7:53 PM | Mann Ki Baat
মাৰ নামত এজোপা গছ অভিযানৰ অধীনত দেশত কোটি কোটি গছপুলি ৰোপণ কৰা হৈছেঃ প্ৰধানমন্ত্ৰী মোদী
