মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ উন্নয়নমূলক আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। ড০ শৰ্মাই সমষ্টিটোত পদপথ উৰণ সেতুৰ প্ৰয়োজনীয়তা আৰু যোগাযোগ সম্পৰ্কীয় সমস্যা, অসম মালা আঁচনিৰ অগ্ৰগতি, আদর্শ অংগনবাড়ী কেন্দ্রসমূহত মানৱ সম্পদৰ সম্প্ৰসাৰণ, প্ৰধানমন্ত্ৰী শস্য বীমা যোজনাত হিতাধিকাৰীৰ অনুৰ্ভুক্তিকে ধৰি বিভিন্ন বিষয়ত আলোচনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে তেওঁৰ চাৰি দিনীয়া ডিব্ৰুগড় আৰু তিনিচুকীয়া ভ্ৰমণৰ অন্তিম দিনটোত আজি মন্ত্ৰী আৰু বিধায়কসকলৰ সৈতে এখন গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়। তেওঁ জিলাসমূহৰ আন্তঃগাঁথনি উন্নয়ন আৰু জনকল্যাণমূলক আঁচনিৰ ফলপ্ৰসূ ৰূপায়ণ নিশ্চিত কৰাৰ বাবে মন্ত্ৰী-বিধায়কসকলক জনসাধাৰণৰ সৈতে অধিক সক্রিয়ভাৱে জড়িত হ’বলৈ আহ্বান জনায়।
ড০ শর্মাই আজি ৬৫ কোটি টকা ব্যয় সাপেক্ষে ডিব্ৰুগড়ত নিৰ্মাণ হ’বলগীয়া মন্ত্ৰীসকলৰ কাৰ্যালয়, মুখ্য সচিব আৰু অতিৰিক্ত মুখ্য সচিবৰ কাৰ্যালয়কে ধৰি সচিবালয় চৌহদ আৰু সন্মিলন কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত চিকিৎসা শিক্ষা আৰু গৱেষণা আদি বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকন, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰা আৰু পৰিবহণ মন্ত্ৰী যোগেন মহন উপস্থিত থাকে।
Site Admin | July 25, 2025 7:55 PM | CM dibrugarh
মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ উন্নয়নমূলক আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ
