ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

April 28, 2024 12:37 PM | Karnataka

printer

মাৰাঠা সম্প্ৰদায় দেশভক্ত আৰু তেওঁলোকে দেশৰ বিকাশৰ বাবে মোদীৰ হাত শক্তিশালী কৰাৰ উচিতঃ কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বছৱৰাজ বোম্মাই

কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা গাড়াগ হাৱেৰী লোকসভা সমষ্টিৰ বিজেপি প্রার্থী বছৱৰাজ বোম্মাইয়ে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰিছে। তেওঁ কৈছে যে, প্রধানমন্ত্ৰী মাৰাঠা শাসক ছত্রপতি শিৱাজী মহাৰাজৰ নীতি আদৰ্শৰ হকে যুঁজ দি আহিছে। হাৱেৰীত মাৰাঠা সম্প্ৰদায়ৰ বৈঠকত অংশগ্ৰহণ কৰি কালি বিজেপিৰ নেতাগৰাকীয়ে কয় যে, মাৰাঠা সমাজৰ সৈতে তেওঁৰ মধুৰ সম্পৰ্ক আছে। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ছত্রপতি শিৱাজী মহাৰাজৰ অনুগামী বুলি অভিহিত কৰি কয় যে, শিৱাজীয়ে যিধৰণৰ সংঘৰ্ষত ব্ৰতি হৈছিল শ্রীমোদীয়েও একেধৰণৰ যুঁজত অৱতীৰ্ণ হৈছে। তেওঁ কয় যে, মাৰাঠা সম্প্ৰদায় দেশভক্ত আৰু তেওঁলোকে দেশৰ বিকাশৰ বাবে মোদীৰ হাত শক্তিশালী কৰাৰ উচিত ।