মাস্কাটৰ ছুল্টান কাবুছ বন্দৰত ভাৰতীয় নৌসেনাৰ জাহাজ কৌন্দিন্যৰ নাবিকৰ দলটোক কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ আদৰণি

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কালি মাস্কাটৰ ছুল্টান কাবুছ বন্দৰত ভাৰতীয় নৌসেনাৰ জাহাজ কৌন্দিন্যৰ নাবিকৰ দলটোক আদৰণি জনায়। তেওঁ এই আগমনক কেৱল এক যাত্ৰাৰ উৎসৱ নহয় বৰঞ্চ এক গভীৰ সভ্যতাৰ উদযাপন বুলি অভিহিত কৰে। বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী শ্রীসোণোৱালে কয়, যে পৰম্পৰাগতভাবে নির্মিত এই জাহাজখন ওমানৰ ৰাজধানীত উপস্থিত হোৱাটো ঐতিহাসিক তথা বাণিজ্যিক সম্পৰ্ক আৰু পাৰস্পৰিক সন্মানেৰে শক্তিশালী কৰা ভাৰত-ওমানৰ মাজৰ চিৰস্থায়ী বন্ধুত্বৰ প্ৰতীক। পোৰবন্দৰৰ পৰা প্ৰথম যাত্রা সম্পূৰ্ণ কৰাৰ পাছত আই এন এছ ভি কৌন্দিন্য মাস্কাটত উপস্থিত হয়, যিয়ে দুখন দেশৰ সামুদ্রিক ঐতিহ্যৰ এক উল্লেখযোগ্য মুহূর্ত চিহ্নিত কৰিছে। এই যাত্রাই ৫ হাজাৰ বছৰতকৈও অধিক সময় ধৰি চলি থকা সামুদ্রিক, সাংস্কৃতিক তথা সভ্যতামূলক সংযোগৰ ওপৰত আলোকপাত কৰিছে। ভাৰত আৰু ওমানৰ কূটনৈতিক সম্পৰ্কৰ ৭০ বছৰ সম্পূৰ্ণ হোৱাৰ সময়তে এই যাত্রাই বিশেষ ভূমিকা পালন কৰিছে।

কিম্বদন্তি ভাৰতীয় নাবিক কৌন্দিন্যৰ নামেৰে নামকৰণ কৰা এই জাহাজত ভাৰতৰ থলুৱা সামুদ্রিক জ্ঞান, কাৰুকাৰ্য আৰু বহনক্ষম জাহাজ নির্মাণ পদ্ধতি প্রদর্শন কৰা হৈছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পৰিকল্পনা কৰা এই প্রকল্পটোক স্থপতিবিদ, পুৰাতত্ববিদ, পৰম্পৰাগত জাহাজ নির্মাণৰ আৰ্হি আৰু জাহাজ নির্মাতাসকলৰ সহযোগত ভাৰতীয় নৌসেনাৰ দ্বাৰা কাৰ্যকৰী কৰা হৈছে।

শ্রীসোণোৱালে এই জাহাজখনক প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দূৰদর্শী নেতৃত্বৰ এক উজ্জ্বল নিদর্শন বুলি অভিহিত কৰি ভাৰতীয় প্রাচীন জাহাজ নির্মাণ প্রতিভাক পুনৰুজ্জীৱিত কৰাটো তেওঁৰ সংকল্প বুলি প্রকাশ কৰে। এই উপলক্ষে বন্দৰত আয়োজিত অনুষ্ঠানত ওমানৰ ঐতিহ্য আৰু পৰ্যটন মন্ত্ৰ্যালয়ৰ উপ সচিব অজ্জ্যান অল বুজাইডিৰ লগতে ভাৰতীয় নৌসেনা, ওমানৰ ৰ’য়েল নেভী, ৰ’য়েল ওমান উপকূল আৰক্ষী বাহিনীসহ অন্যান্য বিশিষ্টসকল উপস্থিত থাকে। ওমানৰ ভাৰতীয় সম্প্রদায় তথা ছাত্র-ছাত্রীৰ এটা দলে ভাৰত আৰু ওমানৰ সাংস্কৃতিক প্রদর্শনেৰে জাহাজখনক আদৰণি জনায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।