২০২৫-২৬ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ৰে’ল মন্ত্ৰালয়ৰ আৱণ্টনৰ পৰিমাণ বিগত বিত্তীয় বৰ্ষৰ বাজেটতকৈ ৪৭ শতাংশ বৃদ্ধি কৰা হৈছে। ২০২৪-২৫ বৰ্ষত অঞ্চলটোৰ বাবে মুঠ ৪ হাজাৰ ৬ কোটি টকা ৰে’ল বিভাগলৈ আৱণ্টন কৰাৰ বিপৰীতে পৰৱৰ্তী বিত্তীয় বৰ্ষত এই ধনৰ পৰিমাণ ৫ হাজাৰ ৯১৫ কোটি টকালৈ বৃদ্ধি কৰা হৈছে। কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি আবেলি নতুন দিল্লীৰ পৰা ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি গুৱাহাটীৰ মালিগাঁৱৰ উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয়ত উপস্থিত সাংবাদিকসকলৰ আগত এই বিষয়ে প্ৰকাশ কৰে। শ্রীবৈষ্ণৱে কয়, যে ২০২৫-২৬ বৰ্ষত উত্তৰ-পূৰ্বাঞ্চলত ৰে’ল আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। ৰে’লযাত্ৰীসকলৰ সুবিধাৰ্থে যোৱা জানুৱাৰী মাহৰ পৰা অসমত তিনিখন নতুন ৰে’লগাড়ী প্ৰৱৰ্তন কৰাৰ বিষয়েও শ্রীবৈষ্ণৱে উল্লেখ কৰে। তেওঁ কয়, যে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধীনত ৰে’লপথত থকা লেভেল ক্ৰচিং, আণ্ডাৰ পাছ অর্থাৎ ভূ- তল সুৰংগ নিৰ্মাণ আৰু ৰে’ল ষ্টেচনসমূহৰ উন্নয়নৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া হ’ব। ২০১৪-১৫ বৰ্ষৰ তুলনাত ২০২৫-২৬ বৰ্ষত উত্তৰ-পূৰ্বাঞ্চলত ৰে’ল শিতানত আৱণ্টিত ধনৰ পৰিমাণ পাঁচ গুণ বৃদ্ধি পাইছে বুলি ৰে’ল মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে৷
Site Admin | February 3, 2025 7:39 PM | Aswini Baishnav
মালিগাঁৱৰ উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয়ত ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সাংবাদিকৰে মত বিনিময়
