কোৱালালামপুৰত অনুষ্ঠিত মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ কিদাম্বী শ্রীকান্তৰ লগতে মিক্সড্ ডাবল্ছৰ যুটি ধ্ৰুৰ্ কপিলা আৰু তানিশা ক্ৰাষ্ট’ৱে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। পুৰুষৰ একক শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেল প্ৰতিযোগিতাত শ্ৰীকান্তে সুন্দৰ প্ৰদৰ্শনেৰে আয়াৰলেণ্ডৰ নাট নুয়েনক ২৩-২১, ২১-১৭ৰ পোনপটীয়া ব্যৱধানত পৰাস্ত কৰে। মিক্সড ডাব্লছ শাখাৰ যোৱানিশা অনুষ্ঠিত এখন উত্তেজনাপূর্ণ খেলত ধ্ৰুব্ কপিলা আৰু তানিশা ক্ৰাষ্ট’ৱে ফ্ৰান্সৰ জুলিয়েন মাইয়’ আৰু লি পালের্মোক ২১-১৭, ১৮-২১, ২১-১৫ৰ ব্যৱধানত পৰাভূত কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। পুৰুষৰ একক শাখাত প্ৰতিদ্বন্দ্বিতা কৰা আয়ুস শেট্টি আৰু সতীশ কৰুণাকৰণে পৰাজয় বৰণ কৰি প্ৰতিযোগিতাৰ পৰা বাহিৰ হ’বলগীয়া হয়৷
Site Admin | May 22, 2025 4:03 PM | Akashvani News | Badminton | Indian Sports
মালয়েছিয়া মাষ্টাৰ্ছ বেডমিণ্টনত কিদাম্বী শ্রীকান্তৰ লগতে মিক্সড্ ডাবল্ছৰ যুটি ধ্ৰুৰ্ কপিলা আৰু তানিশা ক্ৰাষ্ট’ৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ
