বেডমিণ্টন তাৰকা পি ভি সিন্ধুৱে মালয়েছিয়া অপেন ছুপাৰ ৱান থাউজেণ্ড বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ অপেনিং ৰাউণ্ডত চীনা টাইপেইৰ চাং ছুঅ’ য়ুনক ২১-১৩, ২২-২০ পোনপটীয়া চেটত পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্রবেশ কৰে। দ্বিতীয় ৰাউণ্ডত সিন্ধুৱে জাপানৰ টমকা মিয়াজাকিৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। পূৰ্বৰ বিশ্ব চেম্পিয়নগৰাকীয়ে যোৱা বছৰ ভৰিৰ আঘাতৰ পৰা আৰোগ্য লাভ কৰাৰ পাছত প্ৰথম বাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে। প্রতিযোগিতাৰ পুৰুষৰ ডাবলছত সাত্বিক ছাইৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ চেট্টীৰ যুটিয়ে চীনা টাইপেইৰ যুটীক ২১১৩, ২১-১৫ চেটত পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ কৰিছে।
Site Admin | January 7, 2026 10:23 PM | PV Sindhu
মালয়েছিয়া অপেন ছুপাৰ ৱান থাউজেণ্ড বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডত বেডমিণ্টন তাৰকা পি ভি সিন্ধু