প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মালদ্বীপৰ ৬০ সংখ্যক স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে। দেশখনৰ ৰাজধানী মলত আয়োজন কৰা স্বাধীনতা দিৱস অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে দেশখনৰ ৰাষ্ট্ৰপতি ড০ মহম্মদ মুজোক দেশখনৰ সামৰিক বাহিনীয়ে ২১ জাই গুলী ফুটোৱাৰ লগতে গার্ড অব অনাৰ সন্মান প্ৰদৰ্শন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত মালদ্বীপৰ মিলিটাৰী বাহিনীয়ে অংশ লোৱা আকর্ষণীয় পেতে দেশখনৰ সেনাবাহিনীৰ একতা, অনুশাসন আৰু শক্তি প্রতিফলিত হৈছে। স্বাধীনতা দিৱস অনুষ্ঠানৰ কাৰ্যসূচী সমূহে দেশখনৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ লগতে যোৱা ছটা দশকৰ মালদ্বীপৰ সোণালী যাত্ৰা ফুটাই তুলিছে। প্রধানমন্ত্রী মোদীয়ে অনুষ্ঠানৰ শেষত উপস্থিত অতিথিসকলৰ উদ্দেশ্যি ভাষণ প্ৰদান কৰে। উল্লেখযোগ্য যে, স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ পিছতেই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ দুদিনীয়া মালদ্বীপ ভ্রমণ সামৰি ভাৰতলৈ উৰা মাৰিছে।
ইয়াৰ পূৰ্বে মালদ্বীপৰ উপৰাষ্ট্ৰপতি হুছেইন মহম্মদ লতিফৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি এখন বৈঠকত মিলিত হয়। এই বৈঠকত বিদেশ পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোহাল, বিদেশ সচিব বিক্রম মিশ্ৰিকে ধৰি দুয়োখন ৰাষ্ট্ৰৰ জ্যেষ্ঠ বিষয়াবৰ্গ উপস্থিত আছিল। প্রধানমন্ত্রীয়ে মালদ্বীপৰ অন্যান্য নেতাসকলকো সাক্ষাৎ কৰে।
দেশখনৰ উপৰাষ্ট্ৰপতি লতিফৰ সৈতে হোৱা বৈঠকত প্রধানমন্ত্ৰী মোদীয়ে ভাৰত মালদ্বীপ বন্ধুত্বৰ মুখ্য বিষয়সমূহৰ আলোচনা কৰাৰ লগতে আন্তঃগাথনি, প্রযুক্তি, জলবায়ু পৰিবৰ্তন, শক্তি আদি বিভিন্ন বিষয়ত আলোকপাত কৰে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে দুয়োখন দেশৰ ঘনিষ্ঠ সহযোগিতাই দেশ দুখনৰ জনসাধাৰণক লাভান্বিত কৰিব আৰু অনাগত দিনত দেশ দুখনে বন্ধুত্বৰ সম্পৰ্ক অধিক দৃঢ় কৰি তোলাত গুৰুত্ব দিব। প্রধানমন্ত্ৰীয়ে মালদ্বীপৰ সংসদ মজলিছৰ অধ্যক্ষ আব্দুল ৰহিম আব্দুল্লাকো সাক্ষাৎ কৰে। এই বৈথকত ভাৰত-মালদ্বীপ সম্পৰ্কক লৈ আলোচনা হয়। প্রধানমন্ত্ৰীয়ে মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ নাছিদকো সাক্ষাৎ কৰে। তেওঁলোকে ভাৰতৰ চুবুৰীয়া প্ৰথম নীতিৰ অধীনত মালদ্বীপৰ গুৰুত্ব সন্দৰ্ভত আলোচনা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে মালদ্বীপৰ যোগ্যতা নিৰ্মাণ আৰু উন্নয়নত ভাৰতে সহযোগিতা আগবঢ়াই যাব বুলি প্রতিশ্রুতি দিয়ে।
শ্ৰী মোদীয়ে লগতে মালদ্বীপৰ বহুকেইটা ৰাজনৈতিক দলৰ সদস্যৰ সৈতেও বৈঠকত মিলিত হয়। ৰাজনৈতিক ক্ষেত্ৰৰ এই নেতাসকলৰ অংশগ্রহণে দেশ দুখনৰ মাজৰ দ্বিপাক্ষীক বন্ধুত্ব সম্পৰ্কক আৰু শক্তাশালী কৰি তুলিব বুলি তেওঁ মন্তব্য কৰে।
Site Admin | July 26, 2025 8:51 PM | PM Modi on Maldives
মালদ্বীপৰ ৬০ সংখ্যক স্বাধীনতা দিৱসৰ অনুষ্ঠানত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ