ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

মায়ঙত দুদিনীয়াকৈ এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ সজাগতাসূচীৰ আয়োজন

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ অধীনৰ কেন্দ্ৰীয় যোগাযোগ ব্যুৰ উদ্যোগত মৰিগাঁও জিলাৰ মায়ঙত দুদিনীয়াকৈ এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ সজাগতাসূচীৰ আয়োজন কৰা হৈছে। আজি পুৱা এই কাৰ্যসূচীৰ অংশ হিচাপে ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্রাংকন প্রতিযোগিতাৰ আয়োজন কৰা হয়। তদুপৰি, পুৱাৰ ভাগত মন্ত্ৰালয়ৰ বিষয়াসকলৰ অংশ গ্ৰহণেৰে চাফাই অভিযান আৰু এজোপা গছ আইৰ নামৰ শীৰ্ষক গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ন কৰা হয়।