ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 24, 2024 11:33 AM | PM on UN

printer

মানৱতাৰ সাফল্য যুদ্ধক্ষেত্ৰত নহয়, বৰং সামূহিক শক্তিতহে নিহিত হৈ থাকে : প্ৰধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, ডিজিটীয় জন আন্তঃগাঁঠনিক বাধা হিচাপে নহয়, বৰং সংযোগ হিচাপেহে ব্যৱহাৰ কৰিব লাগে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত যোৱা নিশা অনুষ্ঠিত ভৱিষ্যতৰ শীৰ্ষ সন্মিলনত ভাষণ দি প্রধানমন্ত্ৰীয়ে কয় যে, বিশ্বৰ মংগলৰ বাবে ভাৰতে নিজৰ ডিজিটীয় জন আন্তঃগাঁঠনি ৰাজহুৱা কৰিবলৈ সাজু। ভাষণত শ্ৰী মোদীয়ে প্ৰযুক্তিৰ নিৰাপদ আৰু দায়িত্বশীল ব্যৱহাৰৰ বাবে ভাৰসাম্য নিয়ন্ত্ৰণত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে, বিশ্বই এনে গোলকীয় ডিজিটীয় শাসন ব্যৱস্থা বিচাৰে, য’ত সাৰ্বভৌমত্ব আৰু অখণ্ডতা অক্ষত থাকে। মানৱতাৰ সাফল্য যুদ্ধক্ষেত্ৰত নহয়, বৰং সামূহিক শক্তিতহে নিহিত হৈ থাকে বুলি শ্রী মোদীয়ে মন্তব্য কৰে। ইপিনে, শান্তি আৰু নিৰাপত্তাৰ প্ৰতি অহা ভাবুকিত আলোকপাত কৰি শ্ৰী মোদীয়ে কয় যে গোলকীয় শান্তি আৰু নিৰাপত্তাৰ ক্ষেত্ৰত সন্ত্ৰাসবাদ এতিয়াও গুৰুতৰ ভাবুকি হৈয়ে আছে। আনহাতে, চাইবাৰ সুৰক্ষা, সামুদ্রিক সুৰক্ষা আৰু মহাকাশ সুৰক্ষাই সংঘাতৰ নতুন বিষয়বস্তু হিচাপে আত্মপ্ৰকাশ কৰিছে বুলিও তেওঁ উল্লেখ কৰে। তেওঁ কয় যে, আমি যেতিয়া পৃথিৱীৰ ভৱিষ্যতৰ বিষয়ে আলোচনা কৰো, তেনে সময়ত মানৱ কেন্দ্রীক দৃষ্টিভংগীক সর্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰা উচিত। বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ সময়তে আমি মানৱ কল্যাণ, খাদ্য আৰু স্বাস্থ্য সুৰক্ষাও সুনিশ্চিত কৰিব লাগিব বুলি তেওঁ উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।