■ বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ মানুহে মানুহৰ বাবে গীতটো সমগ্ৰ বিশ্বৰ মানৱতাৰ গীত হিচাপে স্বীকৃতি প্ৰদানৰ বাবে ৰাষ্ট্ৰসংঘক অনুৰোধ জনাবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। কালি সুধাকণ্ঠৰ চতুৰ্দশ মৃত্যুবার্ষিকীত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত জালুকবাৰীৰ ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থত আয়োজিত শ্রদ্ধাঞ্জলি অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে প্রকাশ কৰে। অনুষ্ঠানত মানৱ শৃংখলৰ জৰিয়তে মানুহে মানুহৰ বাবে শীর্ষক চিৰ সেউজ গীতটি পৰিৱেশন কৰা হয়। মুখ্যমন্ত্ৰীয়ে কয়, যে এই গীতটো কেৱল অসমৰেই নহয়, সমগ্ৰ মানৱ জাতিৰে সম্পদ আৰু গীতটোৱে মানৱতাৰ সাৰ্বজনীন অর্থ বহন কৰে।
অসম আৰু অৰুণাচল প্ৰদেশৰ সম্পৰ্কক সুধাকণ্ঠই অধিক শক্তিশালী কৰি তুলিছিল বুলি উল্লেখ কৰি ড° শৰ্মাই কয়, যে বৰেণ্য শিল্পীগৰাকীৰ স্মৃতি সজীৱ কৰি ৰখাৰ বাবে ধলা-শদিয়াৰ ড° ভূপেন হাজৰিকা সেতুৰ জিৰো পইণ্টত তেওঁৰ প্ৰায় ১০০ ফুট উচ্চতাৰ এটি বিশাল প্রতিমূর্তি স্থাপনৰ পৰিকল্পনা কৰা হৈছে। ইতিমধ্যে লোকনির্মাণ বিভাগে এই প্ৰতিমূৰ্তি স্থাপনৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে অসমৰ প্ৰতিখন চহৰত এটাকৈ পথ ড° ভূপেন হাজৰিকাৰ নামত উৎসৰ্গা কৰা হ’ব বুলি উল্লেখ কৰে।
অসম আন্দোলনৰ পটভূমিত ছহিদসকলক সুঁৱৰি সুধাকণ্ঠই ৰচনা কৰা ছহিদ প্ৰণামো তোমাক শীৰ্ষক গীতটি অহা ১০ ডিচেম্বৰত গুৱাহাটীত নৱনিৰ্মিত ছহিদ স্মাৰক ভৱনৰ উদ্বোধনৰ সৈতে সংগতি ৰাখি সমগ্ৰ ৰাজ্যজুৰি পৰিৱেশনৰ ব্যৱস্থা কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
ৰাজ্যৰ প্ৰতিখন জিলা সদৰত কালি ৫ হাজাৰতকৈ অধিক ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী আৰু কলা-কুশলীয়ে মানৱ শৃংখলৰ জৰিয়তে মানুহে মানুহৰ বাবে শীৰ্ষক গীতটি পৰিৱেশন কৰে।
Site Admin | November 6, 2025 10:56 AM | Akashvani | Akashvani Guwahati | Assam Government | Bhupen Da | Bhupen hazarika | UN
মানুহে মানুহৰ বাবে গীতটো সমগ্ৰ বিশ্বৰ মানৱতাৰ গীত হিচাপে স্বীকৃতি প্ৰদানৰ বাবে ৰাষ্ট্ৰসংঘক অনুৰোধৰ বাবে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত