ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

মানসিক চাপ আৰু আত্মহত্যাৰ দৰে নেতিবাচক প্ৰৱণতা দূৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে বিদ্যালয় পৰ্যায়ৰ পৰা নিয়মিতভাৱে কাউঞ্চেলিং বা পৰামৰ্শদানৰ ব্যৱস্থা কৰিব

পৰিৱৰ্তিত জীৱনশৈলীৰ বাবে বাঢ়ি অহা মানসিক চাপ আৰু আত্মহত্যাৰ দৰে নেতিবাচক প্ৰৱণতা দূৰ কৰাৰ বাবে ৰাজ্য চৰকাৰে বিদ্যালয় পৰ্যায়ৰ পৰা নিয়মিতভাৱে কাউঞ্চেলিং বা পৰামৰ্শদানৰ ব্যৱস্থা কৰিব৷ বিধায়ক মৃনাল শ‍ইকীয়াই ৰাজ্যত আত্মহত্যাৰ ঘটনা বৃদ্ধি পোৱা বুলি স্বাস্থ্যমন্ত্ৰীৰ মনোযোগ আকৰ্ষণ কৰাৰ পাছত স্বাস্থ্য মন্ত্রী অশোক সিংহালে এই বিষয়ে প্রকাশ কৰে। তেওঁ কয়, যে ৰাজ্যখনত সংঘটিত ৫৭ শতাংশ আত্মহত্যাৰ ঘটনাৰ ভিতৰত পাৰিবাৰিক কাৰণত ৩৫ শতাংশ, প্রেমজনিত কাৰণত ১০ শতাংশ আৰু স্বামী-স্ত্রী কন্দলজনিত ঘটনাত ১২ শতাংশ ঘটনা সংঘটিত হয়। ইয়াৰ উপৰি পৰীক্ষাজনিত মানসিক চাপৰ বাবে এক শতাংশ এনে ঘটনা সংঘটিত হয় বুলি তেওঁ উল্লেখ কৰে। ৰাজ্য চৰকাৰে বিদ্যালয়সমূহত ইতিমধ্যে কাউন্সেলিঙৰ ব্যৱস্থা কৰিছে যদিও বহুলভাৱে এই ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ শিক্ষা বিভাগৰ সৈতে আলোচনা কৰি আঁচনি যুগুত কৰিব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।