ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

মাদক দ্ৰব্যৰ অবৈধ ব্যৱসায় ৰোধৰ বাবে মিজোৰাম চৰকাৰৰ আজিৰে পৰা ৪ মহীয়া বিশেষ অভিযান আৰম্ভ

■ মিজোৰাম চৰকাৰে মাদক দ্ৰব্যৰ অবৈধ ব্যৱসায় ৰোধ কৰাৰ বাবে আজিৰে পৰা চাৰিমহীয়া বিশেষ অভিযান আৰম্ভ কৰিছে। ৰাজ্যখনৰ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে সুদীর্ঘ এই বিশেষ চাৰিমহীয়া অভিযান আজিৰে পৰা আৰম্ভ হৈছে আৰু ই চলিত বছৰৰ ৩১ ডিচেম্বৰত অন্ত পৰিব। আৰক্ষী, আইন বলৱৎকাৰী বিভিন্ন সংস্থা আৰু ইয়ং মিজো এছ’ছিয়েচনৰ উদ্যোগত ৰাজ্যখনৰ ১১ খন জিলাৰ মাদক দ্রব্য প্ৰভাৱিত অঞ্চল, গাওঁ আৰু সীমান্ত অঞ্চলত এই অভিযান চলোৱা হ’ব।
মিজোৰামৰ ছখন জিলা বিশেষকৈ- চাম্ফাই, চিহা, লংটলাই, হুনাহথিয়াল, চাইটুৱাল আৰু চেৰচ্চিপ অঞ্চলৰ মাজেৰে স্বাস্থ্যৰ ক্ষতিকাৰক বিভিন্ন মাদক দ্ৰব্যৰ সৰবৰাহ হৈ থাকে। মিজোৰামৰ পৰাই দেশৰ অন্যপ্রান্ত তথা বিদেশলৈও মাদক দ্রব্য সৰবৰাহ হোৱাৰ লগতে অসম আৰু ত্ৰিপুৰাৰ মাজেৰে বাংলাদেশলৈও ইয়াৰ সৰবৰাহ হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।