চলিত বৰ্ষৰ ৩১ মাৰ্চৰ পৰা মাদকদ্ৰব্যৰ বিৰুদ্ধে সামূহিকভাৱে দেশজোৰা অভিযান আৰম্ভ কৰা হ’ব বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ঘোষণা কৰিছে। তিনি বছৰ ধৰি চলিবলগীয়া এই অভিযানৰ লক্ষ্য হৈছে দেশখনক নিচামুক্ত কৰা। নতুন দিল্লীত কালি এন চি অ’ আৰ ডিৰ মাদকদ্রব্য সহযোগিতা কেন্দ্ৰৰ নৱম শীৰ্ষ পৰ্যায়ৰ বৈঠকত অধ্যক্ষতা কৰি শ্ৰী শ্বাহে এই কথা ঘোষণা কৰে। তেওঁ কয় যে ড্ৰাগছৰ বিৰুদ্ধে যুঁজত কেন্দ্ৰীয় চৰকাৰৰ সকলো বিভাগে ২০২৯ চনলৈকে এখন নক্সা প্ৰস্তুত কৰি ইয়াৰ কাৰ্যকৰীকৰণৰ বাবে সময়সীমাবদ্ধ পর্যালোচনা ব্যৱস্থা স্থাপন কৰিব লাগে। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশে এই ক্ষেত্ৰত যথেষ্ট সফলতা লাভ কৰিছে। নিচামুক্ত ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ শ্ৰী শ্বাহে মাদকদ্রব্য যোগান শৃংখল ভাঙি পেলোৱাৰ দিশত সামূহিক আৰু শূন্য সহনশীলতা পন্থা গ্ৰহণ কৰাৰ লগতে চাহিদা হ্ৰাসৰ দিশত কৌশলগত পন্থা গ্রহণ কৰাৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভতো গুৰুত্ব আৰোপ কৰে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি, ২০১৪ চনৰ পৰা ২০২৫ চনৰ ভিতৰত এক কোটি এঘাৰ লাখ কিলোগ্ৰাম ওজনৰ আৰু এক লাখ একসত্তৰ হাজাৰ কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হৈছে। তেওঁ লগতে এই সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ ৩১ মাৰ্চৰ ভিতৰত সকলো বিভাগকে নিজৰ পৰিকল্পনা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে। গৃহমন্ত্ৰীগৰাকীয়ে ড্ৰাগছৰ বিৰুদ্ধে যুঁজত ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰৰ গুৰুত্বপূৰ্ণ ভূমিকা সন্দৰ্ভত আলোকপাত কৰি ৰাজ্যিক পৰ্যায়ৰ পৰিকল্পনা প্ৰস্তুত কৰি জব্দ কৰা ড্ৰাগছ সময়মতে ধ্বংস কৰাৰ বাবে সুনির্দিষ্ট পদক্ষেপ গ্রহণ কৰিবলৈ সকলো আৰক্ষী সঞ্চালক প্ৰধানক আহ্বান জনায়।
Site Admin | January 10, 2026 12:08 PM | Anti Drugs step
মাদকদ্ৰব্যৰ বিৰুদ্ধে সামূহিকভাৱে দেশজোৰা অভিযান আৰম্ভ কৰা হ’ব : গৃহমন্ত্রী অমিত শ্বাহ