ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

মাদকদ্ৰব্যৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত

● অসম আৰক্ষীয়ে মাদকদ্ৰব্যৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। ধুবুৰী জিলাৰ গৌৰীপুৰত কালি আৰক্ষীয়ে বুজন পৰিমাণৰ মাদক দ্রব্যসহ তিনিজন সৰবৰাহকাৰীক আটক কৰে। গৌৰীপুৰ বালাজান দ্বিতীয় খণ্ড গাঁৱত মাদকদ্রব্য বিক্ৰী কৰি থকাৰ সময়তে অঞ্চলটোৰ লোকে সৰবৰাহকাৰীকেইজনক ধৰি আৰক্ষীক গতাই দিয়ে। ধৃত যুৱককেইজন লালকুৰাৰ জাকিৰুল হক, বালাজানৰ ছফিকুল হক আৰু আবু তালেব শ্বেইখ বুলি আৰক্ষীয়ে জনাইছে। আৰক্ষীয়ে যুৱককেইজনৰ পৰা মাদকদ্ৰব্য ভৰ্তি ছটা কণ্টেইনাৰ আৰু দুটা ম’বাইল ফোন জব্দ কৰে।
ইপিনে, কাছাৰ জিলা আৰক্ষীয়ে শিলচৰ চহৰত চলোৱা বিশেষ অভিযানত কালি বুজন পৰিমাণৰ ভাং জব্দ কৰে। আৰক্ষীয়ে ত্ৰিপুৰাৰ পৰা অহা এখন বাহনত তালাচী চলাই ৩৬২ কেজি ভাং জব্দ কৰাৰ লগতে এজন লোকক আটক কৰে। আটক কৰা লোকজন ত্ৰিপুৰাৰ প্ৰদীপ ক’ৰ বুলি আৰক্ষীয়ে জনাইছে। জব্দ কৰা মাদকদ্রব্যখিনিৰ বজাৰ মূল্য প্ৰায় ২.৫০ কোটি টকা বুলি অনুমান কৰা হৈছে।