মাত্র ৫৯টা বলত ১৫০ ৰাণ কৰি বিহাৰৰ অপেনাৰ বৈভৱ সূর্যবংশীৰ অভিলেখ

বিহাৰৰ অপেনাৰ বৈভৱ সূর্যবংশীয়ে মাত্র ৫৯টা বলত ১৫০ ৰাণ কৰি পুৰুষ ক্ৰিকেটৰ তালিকাত দ্রুত ৰাণ কৰা খেলুবৈ হিচাপে অভিলেখ গঢ়িছে। বৈভৱে দক্ষিণ আফ্ৰিকাৰ এ বি ডি ভিলিয়াৰ্ছৰ অভিলেখ ভংগ কৰে। এ বি ডি ভিলিয়াছে ২০১৫ চনত বেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ৬৪টা বলত ১৫০ ৰাণ কৰিছিল। বিজয় হাজাৰে টুফী প্রতিযোগিতাত আজি অৰুণাচল প্ৰদেশৰ বিৰুদ্ধে খেলি বৈভৱে ৩৬টা বলত শতৰাণ কৰে আৰু তালিকাৰ ইতিহাসৰ দ্রুততম ডেৰশ ৰাণ কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।