September 25, 2024 12:26 PM

printer

মাজুলী মহাবিদ্যালয়ত নিচামুক্ত ভাৰত অভিযানৰ অধীনত ড্ৰাগছ আৰু সুৰাৰ কুপ্ৰভাৱৰ বিষয়ত সজাগতা সভা

নিচামুক্ত ভাৰত অভিযানৰ অধীনত মাজুলী মহাবিদ্যালয়ত কালি ড্ৰাগছ আৰু সুৰাৰ কুপ্ৰভাৱসমূহৰ বিষয়ে এখন সজাগতা সভা অনুষ্ঠিত হয়। জিলা আইন সেৱা প্ৰাধিকৰণ আৰু জিলা সমাজ কল্যাণ কাৰ্যালয়ৰ যৌথ উদ্যোগত নগাঁৱৰ এটা বেচৰকাৰী প্ৰতিষ্ঠানৰ সহযোগত মহাবিদ্যালয়খনত মাদক দ্ৰব্যমুক্ত চৌহদ কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হয়। মহাবিদ্যালয়খনৰ অধ্যক্ষ দেৱজিৎ শ‍ইকীয়াই সভাখন পৰিচালনা কৰে। সভাত মাজুলী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিবৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে ছাত্র-ছাত্রীসকলক উদ্দেশ্যি বহুমূলীয়া বক্তব্য আগবঢ়ায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।