November 12, 2025 8:53 PM | Paal Naam Majuli

printer

মাজুলীৰ আউনীআটী সত্ৰত পাল-নাম মহোৎসৱৰ আয়োজন

মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰত ৩৭২ বছৰীয়া পৰম্পৰা অটুট ৰাখি আজিৰে পৰা পাল-নাম মহোৎসৱৰ আয়োজন কৰা হৈছে। মাজুলীৰ এই অন্যতম আধ্যাত্মিক আৰু সাংস্কৃতিক উৎসৱ উপলক্ষে অগণন ভকত-বৈষ্ণৱৰ আগমন হৈছে। প্ৰতিবছৰে কাতি মাহৰ শেষৰ পাঁচটা দিনত উদযাপন কৰা এই পালনামলৈ দেশৰ লগতে বিদেশৰো ভক্তৰ আগমন হয়। সত্ৰৰ ভকত-বৈষ্ণৱসকলে আজি প্রথমদিনা নাম-ভাগৱত প্ৰতিষ্ঠা কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। চাৰিওহাটীৰ ভকতসকলে দৈনিক পাল পাতি নাম লোৱাৰ লগতে দিহা নাম, নটুৱা আদি পৰিৱেশন কৰি মূল নামঘৰত ভকত বৈষ্ণৱসকলে পাল পাতি নাম পৰিৱেশন কৰিছে। আজি পুৱা নাম প্ৰসংগৰ পাছতে পশ্চিমহাটীৰ বৈষ্ণৱসকলে আৰু পুৱহাটীৰ বৈষ্ণৱসকলে নাম ডাকে। এই নামতে ভক্তসকলে মনৰ অভিলাষ অনুসৰি ধুপ ধুনা, বন্তি, লোন আদি আগবঢ়াই সেৱা লয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।