মাজুলীত ১৯ জানুৱাৰীত জাপানী এনকেফেলাইটিছৰ ছিটা প্ৰদান অভিযান আৰম্ভ

মাজুলী জিলাত অহা ১৯ জানুৱাৰীত জাপানী এনকেফেলাইটিছৰ ছিটা প্ৰদান অভিযান আৰম্ভ হ’ব। প্রাপ্তবয়স্ক লোকসকলক সামৰি ল’বলগীয়া এই কাৰ্য্যসূচী ২১ দিন ধৰি চলিব। ১৫ বছৰৰ পৰা ৬৫ বছৰ বয়সৰ সকলো যোগ্য প্রাপ্ত বয়স্কক এই অভিযানত অন্তর্ভুক্ত কৰা হ’ব। এই প্রতিষেধক প্রদান কাৰ্য্যসূচী সম্পূর্ণ বিনামূলীয়া, নিৰাপদ আৰু ফলপ্ৰসূ হোৱাৰ লগতে ই দীৰ্ঘকালীন সুৰক্ষা প্ৰদান কৰিব। মাজুলী জিলাৰ মুঠ জনসংখ্যাৰ ৭২ হাজাৰ প্ৰাপ্তবয়স্ক লোকক সামৰি লোৱাৰ লক্ষ্যৰে ৪৬৮ খন গাঁও আৰু ৪৪ টা উপ-স্বাস্থ্য কেন্দ্ৰ লগ লাগি ৩৪৪ টা প্রতিষেধক প্ৰদান কেন্দ্ৰ স্থাপন কৰা হৈছে। ৪২৬ খন বিদ্যালয় আৰু ১২০ টা অংগনৱাড়ী কেন্দ্ৰত এই প্রতিষেধক প্রদান কেন্দ্ৰসমূহ স্থাপন কৰা হ’ব। জিলা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে মাজুলী জিলাক জাপানী এনকেফেলাইটিছৰ পৰা মুক্ত কৰাৰ লক্ষ্যত উপনীত কৰাৰ বাবে সকলো নাগৰিককে এই প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
শ্রীভূমি জিলাতো ১৫ৰ পৰা ৬৫ বছৰ বয়সৰ লোকসকলক সামৰি জাপানী এনকেফেলাইটিছৰ প্ৰতিষেধক প্রদান কাৰ্য্যসূচী চলি আছে। এই কাৰ্য্যসূচীৰ অগ্ৰগতিৰ বুজ ল’বলৈ আজি শ্ৰীভূমিৰ ভাৰপ্ৰাপ্ত জিলা উন্নয়ন আয়ুক্তৰ অধ্যক্ষতাত এখন সভা অনুষ্ঠিত হয়। এই সভাত জনসাধাৰণক প্ৰতিষেধকবিধৰ এটা খোৰাকে আগবঢ়োৱা দীৰ্ঘকালীন সুৰক্ষাৰ বিষয়ে অৱগত কৰোৱা হয় ৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।