October 4, 2024 6:49 PM | World Rabis Day

printer

মাজুলীত জলাতংক প্রতিষেধক প্রদান

বিশ্ব জলাতংক প্ৰতিৰোধী সপ্তাহ উপলক্ষে আজি মাজুলীত জিলা স্বাস্থ্য বিভাগ আৰু পশুপালন তথা পশু চিকিৎ‍সা বিভাগৰ সৌজন্যত জলাতংক প্রতিষেধক প্রদান কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে জিলা পশু চিকিৎসা বিষয়াগৰাকীয়ে জলাতংক ৰোগৰ প্ৰতিৰোধ সম্পৰ্কে ব্যক্তব্য ৰখাৰ লগতে সমল ব্যক্তি বৰ্ষা বৰুৱা ৰয়ে এই ৰোগ প্ৰতিৰোধ সম্পৰ্কে উপস্থিত ৰাইজৰ সজাগতাৰ উদ্দেশ্যে ভাষণ দিয়ে। বিষয়াগৰাকীয়ে কুকুৰ-মেকুৰী আদিয়ে আঁচুৰিলে ১৫ মিনিটৰ বাবে সেই ঠাইখিনি খাৰযুক্ত চাবোনেৰে নলৰ পানীত ধুব লাগে বুলি জনায়। ইয়াৰ লগতে জলাতংক প্ৰতিৰোধী প্ৰতিষেধক উপলভ্য চিকিৎসালয়ত উপযুক্ত চিকিৎসা গ্ৰহণৰ বাবে তেওঁ পৰামৰ্শ আগবঢ়ায়। বৰ্তমান মাজুলীৰ ৰাইজক বিভিন্ন জিলা চিকিৎসালয় আৰু সামূহিক স্বাস্থ্যকেন্দ্ৰত এই ৰোগৰ প্ৰতিষেধকৰ উপলভ্যতাৰ বিষয়ে তেওঁ অৱগত কৰে। এই অনুষ্ঠানতে ১৫ টা কুকুৰক জলাতংকৰ প্ৰতিষেধক প্ৰদান কৰাৰ লগতে ৭ গৰাকী লোকক আগতীয়া জলাতংকৰ প্ৰতিষেধক প্ৰদান কৰা হয় ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।