মাছখোৱাৰ প্ৰাগজ্যোতি আই টি এ কেন্দ্রত দ্বাবিশংতিতম ডাঃ অমিতাভ চৌধুৰী স্মাৰক বক্তৃতা

ঔষধ কেৱল বিজ্ঞান নহয়, ই হৈছে বিজ্ঞান আৰু কলাৰ সমাহাৰ। গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি আই টি এ কেন্দ্রত অনুষ্ঠিত দ্বাবিশংতিতম ডাঃ অমিতাভ চৌধুৰী স্মাৰক বক্তৃতাত অংশগ্ৰহণ কৰি দিল্লীৰ অখিল ভাৰতীয় আয়ুর্বেদিক প্রতিষ্ঠান, এইমছৰ প্ৰাক্তন অধ্যাপক তথা পদ্মাশ্রী সন্মানেৰে সন্মানিত ডাঃ ৰণদ্বীপ গুলেৰিয়াই কালি এই মন্তব্য প্রকাশ কৰে। ডাঃ অমিতাভ চৌধুৰী ন্যাসৰ উদ্যোগত আয়োজিত অনুষ্ঠানত চিকিৎসা বিজ্ঞান আৰু কলাৰ ক্ষেত্ৰত ধাৰণা পৰিৱৰ্তন শীর্ষক বক্তৃতা প্রদান কৰি বিশিষ্ট চিকিৎসকগৰাকীয়ে কয়, যে ভৱিষ্যতৰ চিকিৎসালয়সমূহ প্রযুক্তিগতভাবে উন্নত হ’ব লাগিব। পৰিবৰ্তিত সময়ত চিকিৎসা বিজ্ঞানে বহু পৰিবৰ্তন আনিছে যদিও বর্তমান সময়ত চিকিৎসা শিক্ষাৰ পৰিৱৰ্তনৰ প্ৰয়োজন আছে। চিকিৎসাৰ পূৰ্বে চিকিৎসকসকলে ৰোগীক বুজি লোৱাৰ প্ৰয়োজন, কিয়নো ৪০ ছেকেণ্ডৰ বৰ্ণনাই ৰোগীৰ মানসিক চাপ হ্রাস কৰিব পাৰে। চিকিৎসাৰ ক্ষেত্ৰত পৰিৱৰ্তন আৰু দায়বদ্ধতাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ চিকিৎসকসকলক ৰোগীকেন্দ্রীক চিকিৎসা কৰাৰ পৰামৰ্শ আগবঢ়ায়। ভাৰতীয় চিকিৎসা বিজ্ঞানত জিন এডিটিং ব্যৱস্থা, কৃত্রিম বুদ্ধিমত্তা আৰু ৰ’বটিকছ ব্যৱস্থা ব্যৱহাৰৰ প্রসংগ উল্লেখ কৰি তেওঁ অনাগত দিনত অধিক ক্ষীপ্ৰতাৰে এনে প্রযুক্তিসমূহৰ প্ৰয়োগ হোৱাৰ আশা প্রকাশ কৰে। উল্লেখযোগ্য যে, পথ দুর্ঘটনাত অকালতে প্রাণ হেৰুওৱা চিকিৎসক অমিতাভ চৌধুৰীৰ সোঁৱৰণত ২০০৪ চনৰ পৰা ন্যাসে এই বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰি আহিছে।