ভাৰতৰ স্বাতিকছাইৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ চেট্টীৰ যুটীটো চলিত বৰ্ষৰ মাকাউ অপেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে। প্ৰথম ৰাউণ্ডত ভাৰতৰ যুটীটোৱে মালয়েছিয়াৰ ল’ হাং য়ি আৰু এং চিৰঙৰ যুটীটোক ৩৬ মিনিটৰ খেলত ২১-১৩, ২১-১৫ গেমত
পৰাস্ত কৰে।অৱশ্যে ইয়াৰ পূৰ্বে কালি মহিলাৰ ডাবলছৰ প্ৰথম ৰাউণ্ডত ভাৰতৰ ত্ৰিয়া জলী আৰু গায়ত্ৰী গোপীচান্দৰ যুটীটো চীনা টাইপেইৰ লীন ঝিয়াও মিন আৰু পেং য়ু ৱেইৰ বিৰুদ্ধে ২১-১৬, ২০-২২, ১৫-২১ গেমত পৰাজিত হয়।
Site Admin | July 30, 2025 12:28 PM | Macau Open
মাকাউ অপেন বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ সাত্বিক ছাইৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ চেট্টী দ্বিতীয় ৰাউণ্ডত প্ৰবেশ
