ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 15, 2025 8:37 PM | Amit Shah

printer

মাওবাদীৰ বিৰুদ্ধে অভিযান চলাই ব্যাপক সফলতা লাভ কৰিছে : গৃহমন্ত্রী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি কৈছে যে ঝাৰখণ্ডৰ হাজাৰিবাগত ঝাৰখণ্ড আৰক্ষী আৰু চি আৰ পি এফৰ কোৱা বেটেলিয়নৰ এটা যুটীয়া দলে মাওবাদীৰ বিৰুদ্ধে অভিযান চলাই ব্যাপক সফলতা লাভ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে, এই অভিযানত দুধৰ্ষ মাওবাদীৰ কমাণ্ডাৰ সহদেৱ চোৰেণ নিহত হৈছে। এই অভিযানত চোৰেণে লগতে ৰঘুনাথ হেমব্রম আৰু বীৰসেন গাঞ্জু নামৰ আন দুটা মাওবাদীকো নিৰাপত্তা বাহিনীয়ে গুলিয়াই নিহত কৰে। গৃহমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে যে এই অভিযানৰ পাছত উত্তৰ ঝাৰখণ্ডৰ বোকাৰু অঞ্চলটো মাওবাদীৰ পৰা সম্পূৰ্ণৰূপে মুক্ত হ’ল। শ্ৰীশ্বাহে লগতে আস্থা প্ৰকাশ কৰা যে সমগ্ৰ দেশ অচিৰেই মাওবাদীৰ সমস্যাৰ পৰা মুক্ত হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।