বিশাখাপট্টনমত অনুষ্ঠিত মহিলা টি-২০ ক্রিকেটৰ পাঁচখনীয়া শৃংখলাৰ প্ৰথমখন খেলত যোৱা নিশা ভাৰতে শ্রীলংকাক ৮ উইকেটত পৰাস্ত কৰে। ভাৰতে ১২২ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৪ অভাৰ ৪টা বলতে দুটা উইকেটৰ বিনিময়ত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। দলৰ হৈ জেমিমা ৰ’ড্রিক্সে সৰ্বাধিক ৬৯ আৰু স্মৃতি মান্ধানাই ২৫ ৰান কৰে। শ্ৰীলংকাৰ কৱা কাবিন্দি আৰু ইনুকা ৰাণাৱেৰাই এটাকৈ উইকেট দখল কৰে । ইয়াৰ পূৰ্বে শ্রীলংকাই প্রথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১২১ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ ৱিছমি গুণাৰত্নে সৰ্বাধিক ৩৯ ৰান কৰে। ভাৰতৰ হৈ ক্ৰান্তি গৌড়, দীপ্তি শর্মা আৰু নাল্লাপুৰেড্ডী চাৰানীয়ে এটাকৈ উইকেট লাভ কৰে। ভাৰতৰ জেমিমা ৰ’ড্রিক্সক প্লেয়াৰ অব দ্যা মেচ ঘোষণা কৰা হয়। হৰমনপ্রীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে মহিলাৰ টি-২০ বিশ্বকাপৰ প্ৰস্তুতিৰ অংশ হিচাপে শ্রীলংকাৰ বিৰুদ্ধে এই পাঁচখনীয়া শৃংখলাত অৱতীৰ্ণ হৈছে। শৃংখলাটোৰ দ্বিতীয়খন খেল কাইলৈ বিশাখাপট্টনমত অনুষ্ঠিত হ’ব।
Site Admin | December 22, 2025 12:08 PM | cricket India Women Beat Sri Lanka by 8 Wickets in Opening T20I
মহিলা টি-২০ ক্রিকেটৰ পাঁচখনীয়া শৃংখলাৰ প্ৰথমখন খেলত শ্রীলংকাক ৮ উইকেটত পৰাস্ত ভাৰতৰ