ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 17, 2024 11:38 AM | Hockey

printer

মহিলাৰ এছিয়ান ছেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত জাপানৰ বিৰুদ্ধে ভাৰত

ভাৰত আজি বিহাৰৰ ৰাজগীৰ হকী ষ্টেডিয়ামত অনুষ্ঠিত মহিলাৰ এছিয়ান ছেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত জাপানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন বিয়লি ৪ বাজি ৪৫ মিনিটত আৰম্ভ হ’ব। ভাৰতে প্ৰতিযোগিতাত জয়ৰ ধাৰা অব্যাহত ৰাখি কালি চীনক ৩-০ গলত পৰাস্ত কৰে। এই জয়ৰ সুবাদত ভাৰতে চাৰিখন খেলৰ পৰা ১২ পইণ্ট লাভ কৰি সম্প্ৰতি প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ শীৰ্ষত আছে।