November 20, 2024 11:55 AM

printer

মহিলাৰ এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প্ৰতিযোগিতাৰ ফাইনেলত চীনৰ বিৰুদ্ধে ভাৰতৰ খেল

ভাৰত আজি বিহাৰৰ ৰাজগীৰত অনুষ্ঠিত মহিলাৰ এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প্ৰতিযোগিতাৰ ফাইনেলত চীনৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ভাৰতে কালি ছেমি ফাইনেলত জাপানক ২-০ গ’লত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। ভাৰতৰ হৈ নৱনীত কৌৰে খেলখনৰ ৪৮ মিনিটত পেণাল্টি শ্বটেৰে গল কৰে। লালাৰেমছিয়ামীয়ে ৫৬ মিনিটত দ্বিতীয়টো গ’ল দিয়ে। ইপিনে চীনে কালি অনুষ্ঠিত প্রতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত মালয়েছিয়াক ৩-১ গ’লত পৰাভূত কৰি ফাইনেলত প্ৰবেশ কৰিছিল। প্ৰতিযোগিতাত ভাৰত এতিয়ালৈকে এখনো খেলত পৰাজিত হোৱা নাই ৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।