ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 16, 2025 9:46 AM | Women ICC T-20

printer

মহিলাৰ আই চি চি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ পাকিস্তান-ইংলেণ্ডৰ খেল পৰিত্যক্ত ঘোষণা

মহিলাৰ আই চি চি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত কালি কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত অনুষ্ঠানত পাকিস্তান আৰু ইংলেণ্ডৰ মাজৰ খেলখন বৰষুণৰ বাবে পৰিত্যক্ত ঘোষিত হয়। ফলত দুয়োটা দলেই এক পইণ্টকৈ লাভ কৰে। খেলখনৰ প্ৰথম ইনিংছত বৰষুণে বিঘিনি ঘটোৱাৰ বাবে দুয়োটা দলকেই ৩১ অভাৰকৈ খেলাৰ সুযোগ দিয়া হৈছিল। প্ৰথমে বেট ধৰি ইংলেণ্ডে ৯ উইকেটৰ বিনিময়ত ১৩৩ ৰান সংগ্ৰহ কৰা খেলখনত ডি এল এছ পদ্ধতিৰ সহায়ত পাকিস্তানক ১১৩ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হৈছিল। অৱশ্যে পাকিস্তানে ৭ অভাৰত এটাও উইকেট নেহেৰুৱাকৈ ৩৪ ৰান সংগ্ৰহ কৰাৰ সময়তে বৰষুণৰ বাবে খেলখন পৰিত্যক্ত ঘোষণা কৰিবলগীয়া হয়। প্রতিযোগিতাত আজি বিশাখাপট্টনমত হ’বলগীয়া এখন খেলত অস্ট্রেলিয়া বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন বিয়লি ৩ বজাত আৰম্ভ হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।