ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

মহিলাসকলে স্বাৱলম্বী আৰু আত্মনিৰ্ভৰ হ’বলৈ চেষ্টা কৰিব লাগেঃ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে কয়, যে মহিলাসকলে স্বাৱলম্বী আৰু আত্মনিৰ্ভৰ হ’বলৈ চেষ্টা কৰিব লাগে। তেওঁ কয়, যে মহিলাসকল সফল হ’লেহে আমাৰ সমাজ আৰু দেশ সফল হ’ব। ৰাষ্ট্ৰপতিগৰাকীয়ে আজি মধ্য প্ৰদেশৰ চাটাৰপুৰ জিলাৰ বাগেশ্বৰ ধামত অনুষ্ঠিত ২৫১ গৰাকী ছোৱালীৰ সমূহীয়া বিবাহৰ কাৰ্যসূচীত ভাষণ দি এইদৰে কয়। ৰাষ্ট্ৰপতি শ্ৰীমতী মুর্মুৱে লগতে কয়, যে এখন উন্নত ভাৰত গঢ়াৰ চৰকাৰৰ সংকল্প দেশৰ সকলো শ্ৰেণীৰ লোকৰ সম উন্নয়নৰ দ্বাৰা হে সম্ভৱ হ’ব। ৰাষ্ট্ৰপতিগৰাকীয়ে নৱ বিবাহিত দম্পতীসকলক বস্ত্ৰও উপহাৰ স্বৰূপে আগবঢ়ায়। দম্পতীসকলক ঘৰুৱা সামগ্ৰীৰ সৈতে চিলাই মেচিন আৰু আটা মিল উপহাৰ হিচাপে দিয়াৰ বাবে ৰাষ্ট্ৰপতিগৰাকীয়ে আনন্দ প্ৰকাশ কৰে। অনুষ্ঠানত ৰাজ্যপাল মঞ্জু ভাই পেটেল আৰু মুখ্যমন্ত্ৰী ড° মোহন যাদৱো উপস্থিত থাকে। বাগেশ্বৰৰ পৰা ৰাষ্ট্ৰপতিগৰাকী বদোদৰালৈ

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।