ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

মহিলাসকলক আর্থিকভাৱে স্বাৱলম্বী কৰি তোলাৰ ক্ষেত্ৰত চৰকাৰে বহুকেইখন উদ্ভাৱনীমূলক আঁচনি গ্ৰহণ কৰিছেঃ মুখ্যমন্ত্ৰী

■ ৰাজ্যৰ মহিলাসকলক আর্থিকভাৱে স্বাৱলম্বী কৰি তোলাৰ ক্ষেত্ৰত চৰকাৰে বহুকেইখন উদ্ভাৱনীমূলক আঁচনি গ্ৰহণ কৰিছে। মহিলাৰ সবলীকৰণৰ ক্ষেত্ৰত অসম, দেশৰ বাবে অন্যতম পথ প্ৰদৰ্শক হিচাপে পৰিগণিত হৈছে আৰু চৰকাৰৰ ধবজাবাহী আঁচনিসমূহৰ ভিতৰত কমেও ২৫ লাখ মহিলাক আর্থিক সাহায্য প্রদান কৰা হৈছে বুলি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্রকাশ কৰি কয়, যে তেওঁ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত ২৫ লাখৰো অধিক ক্ষুদ্র মহিলা উদ্যোগীক অর্থনৈতিক সাহায্য বিতৰণ সন্দৰ্ভত পৰ্যালোচনা কৰে। এই সাহায্য বিতৰণ কাৰ্যসূচী বিহালীত আৰম্ভ হ’ব আৰু ইয়াৰ পাছত ৰাজ্যৰ অন্যান্য অঞ্চলতো এই কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি তেওঁ লগতে প্রকাশকৰে।