ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ জয়ক সু-শাসন আৰু উন্নয়নৰ জয় বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিহিত কৰে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ জয়ক সু-শাসন আৰু উন্নয়নৰ জয় বুলি অভিহিত কৰিছে। নতুন দিল্লীত থকা বিজেপিৰ মুখ্য কাৰ্যালয়ত কালি দলীয় কর্মীসকলক সম্বোধন কৰি শ্ৰীমোদীয়ে নির্বাচনী ফলাফলক নেতিবাচক ৰাজনীতিৰ পৰাজয় আখ্যা দিয়ে। তেওঁ কয়, যে জনসাধাৰণে কেইবাখনো ৰাজ্যত অনুষ্ঠিত উপ নির্বাচনতো বিজেপিৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে। তেওঁ লগত কয়, যে ইয়াৰ পৰা জনসাধাৰণে অকল উন্নয়নহে বিচাৰে সেয়া স্পষ্ট হৈ পৰিছে। প্ৰধানমন্ত্ৰীয়ে দলৰ প্ৰতি আস্থা প্ৰকাশ কৰাৰ বাবে মহিলা, খেতিয়ক আৰু যুৱ প্ৰজন্মক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয়, যে বিজেপি এইবাৰকে ধৰি তৃতীয়বাৰৰ বাবে মহাৰাষ্ট্ৰত সৰ্ববৃহৎ দল ৰূপে পৰিগণিত হৈছে আৰু এয়া সঁচাকৈয়ে ঐতিহাসিক সাফল্য। এই জয় বিজেপিৰ শাসনৰ আৰ্হিৰ প্ৰতি মোহৰ স্বৰূপ বুলি শ্রীমোদীয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে যেতিয়া সু-শাসনৰ কথা আহে দেশে অকল বিজেপি আৰু এন ডি এ-কহে বিশ্বাস কৰে। মহাৰাষ্ট্ৰই বিকশিত ভাৰতৰ সংকল্প সুদৃঢ় কৰা বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। শ্রীমোদীয়ে কয়, যে বিজেপিয়ে লাভ কৰা জনসাধাৰণৰ বিপুল সমর্থনে আধুনিক ভাৰতে প্ৰগতি আৰু বিশ্বাসযোগ্য সু-শাসন বিচাৰে বুলি স্পষ্ট বার্তা বহন কৰিছে। তেওঁ কয়, যে বিজেপি গোলকীয় মানৰ বিশ্ব স্তৰীয় আন্তঃগাঁথনিৰ প্ৰতি বদ্ধপৰিকৰ। প্রধানমন্ত্ৰীয়ে কংগ্ৰেছক সমালোচনা কৰি কয়, যে দলটোৱে অকল পৰিয়ালক গুৰুত্ব প্ৰদান কৰি আহিছে আৰু নাগৰিকসকলক আওকান কৰি পৰিয়ালক অগ্ৰাধিকাৰ প্ৰদান কৰা দল গণতন্ত্ৰৰ বাবে ভাবুকি স্বৰূপ। কংগ্ৰেছে তোষামোদৰ বাবে ভালেমান আইন প্ৰণয়ণ কৰিছে আৰু ৱাকফ ব’ৰ্ড এনে আইনৰ উদাহৰণ বুলি শ্রীমোদীয়ে মন্তব্য কৰে। তেওঁ কয়, যে সংবিধানত ৱাকফ আইনৰ কোনো স্থান নাই যদিও কংগ্ৰেছ ভোট বেংকৰ বাবেই এই আইনখন প্ৰণয়ন কৰিছিল। ২০১৪ চনত কংগ্ৰেছৰ শাসন সমাপ্ত হোৱাৰ পূৰ্বে দলটোৱে দিল্লীৰ সমীপত ভালেমান সম্পত্তি ৱাকফ ব’ৰ্ডলৈ হস্তান্তৰ কৰা বুলি প্ৰধানমন্ত্ৰীয়ে অভিযোগ তোলে। শ্রীমোদীয়ে তেওঁৰ ভাষণত কয়, যে সমগ্ৰ দেশত এখন সংবিধানেই প্রযোজ্য হ’ব আৰু সেই সংবিধানখন বাবা চাহেব আম্বেদকাৰৰ সংবিধান। শ্ৰীমোদীয়ে কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰ দলসমূহক কয়, যে বিশ্বৰ কোনো শত্তিয়ে ৩৭০ নম্বৰ অনুচ্ছেদ পুনৰ প্ৰৱৰ্তন কৰিব নোৱাৰে।