ডাউনলোড
মোবাইল এপ

android apple
signal

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনক সমাগত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে এন ডি এৰ প্ৰাৰ্থী হিচাপে মনোনীত

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনক সমাগত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে এন ডি এৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰা হৈছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাই কালি নতুন দিল্লীৰ বিজেপি মুখ্য কাৰ্যালয়ত দলৰ সংসদীয় পৰিষদৰ বৈঠকৰ অন্তত সাংবাদিকৰ আগত এই কথা ঘোষণা কৰে। তেওঁ কয়, যে এন ডি এৰ সকলো লোকে এই সিদ্ধান্তৰ সমৰ্থন কৰিছে। শ্রীনাড্ডাই লগতে কয়, যে উপ-ৰাষ্ট্ৰপতি নির্বাচন সুনিশ্চিত কৰাৰ বাবে বিজেপিয়ে সকলো দলৰ সৈতে সমন্বয় ৰক্ষাৰ প্ৰয়াস কৰিছে। বিগত সপ্তাহত এন ডি এৰ সহযোগী দল আৰু বিৰোধী পক্ষৰ দলসমূহৰ সৈতে এই সন্দৰ্ভত যোগাযোগ কৰা হৈছিল বুলি শ্ৰীনাড্ডাই উল্লেখ কৰে।

কালিৰ বৈঠকত সংসদীয় সমিতিৰ অন্যান সদস্যসকলৰ উপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং উপস্থিত থাকে। উপ-ৰাষ্ট্ৰপতি নির্বাচন অহা ৯ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব।

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চি পি ৰাধাকৃষ্ণনক উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰাৰ এন ডি এৰ সিদ্ধান্তক আদৰণি জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয়, যে শ্ৰীৰাধাকৃষ্ণনে তেওঁৰ দীৰ্ঘদিনীয়া ৰাজহুৱা সেৱাত সমৰ্পণ, বিনম্ৰতা আৰু বুদ্ধিমত্তাৰ জৰিয়তে নিজৰ এটা বিশেষ পৰিচয় গঢ়ি তুলিছে। তামিলনাডুত তৃণমূল পর্যায়ত বহু কাম কৰাৰ উপৰি সাংসদ আৰু বিভিন্ন ৰাজ্যৰ ৰাজ্যপাল হিচাপে শ্ৰীৰাধাকৃষ্ণনৰ বহু অভিজ্ঞতা আছে বুলি প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে।

জনতা দল ইউনাইটেডৰ ৰাষ্ট্ৰীয় সভাপতি আৰু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰেও মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ৰাধাকৃষ্ণণক এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰাৰ সিদ্ধান্তক আদৰণি জনাইছে। শ্ৰী কুমাৰে কয়, যে জনতা দল ইউনাইটেডে এই নিৰ্বাচনত শ্ৰী ৰাধাকৃষ্ণণক সমর্থন আগবঢ়াব। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে এন ডি এ প্রার্থীগৰাকীক শুভেচ্ছা জ্ঞাপন কৰে।