মহাৰাষ্ট্ৰৰ মাওবাদী অধ্যুষিত কাটেঝাৰি গাঁৱলৈ প্ৰথমবাৰৰ বাবে বাছ চলাচল কৰাত জনসাধাৰণৰ উৎসাহক প্ৰধানমন্ত্ৰী মোদীৰ সন্তোষ প্ৰকাশ

মহাৰাষ্ট্ৰৰ গাড্‌চিৰোলী জিলাৰ মাওবাদী অধ্যুষিত কাটেঝাৰি গাঁৱলৈ প্ৰথমবাৰৰ বাবে বাছ চলাচল কৰাৰ বিষয়ে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত উল্লেখ কৰি ইয়াকে লৈ উৎফুল্লিত অঞ্চলটোৰ জনসাধাৰণে ঢোল-নাগাৰা বজাই বাছখনক আদৰণি জনোৱা কাৰ্যক উৎসাহজনক বুলি অভিহিত কৰে আৰু অঞ্চলটোলৈ দ্ৰুত গতিত স্বাভাৱিক অৱস্থা উভতি অহাক লৈ সন্তোষ ব্যক্ত কৰে।
অহা ২১ জুনত উদযাপন কৰিবলগীয়া আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰসঙ্গ উত্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানে জনসাধাৰণক তেওঁলোকৰ দৈনন্দিন জীৱনযাত্ৰাৰ সৈতে যোগক সাঙুৰি লোৱাৰ বিষয়টো পুনৰ সোঁৱৰাই দিয়ে। এইবেলি তেওঁ বিশাখাপট্টনমত যোগ দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।