ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ বিৰাৰ অঞ্চলত পুৰণি ৪মহলীয়া এটা অট্টালিকা খহি পৰাত মুঠ ১৭ গৰাকী লোকৰ মৃত্যু

মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ বিৰাৰ অঞ্চলত কালি নিশা পুৰণি চাৰিমহলীয়া এটা অট্টালিকা খহি পৰাৰ ফলত মুঠ ১৭ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আন ৯ গৰাকী লোক আহত হয়। অঞ্চলটোত উদ্ধাৰ অভিযান অব্যাহত আছে। চৰকাৰী সূত্ৰই ধ্বংসস্তূপৰ মাজত আৰু অধিক লোক আৱদ্ধ হৈ থকাৰ আশংকা প্ৰকাশ কৰিছে। কালি নিশা অট্টালিকাৰটোৰ একাংশ খহি পৰাৰ পাছতে অগ্নিনির্বাপক বাহিনীয়ে ধ্বংসস্তূপৰ মাজৰ পৰা বৰ্তমানলৈ ২৪ গৰাকী লোকক উদ্ধাৰ কৰিছে। জিলা দণ্ডাধীশ ইন্দুৰাণী জাখাৰে ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে তেওঁ কয়, যে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, আৰক্ষী আৰু পৌৰ নিগম কৰ্তৃপক্ষৰ তত্বাৱধানত উদ্ধাৰ অভিযান অব্যাহত আছে। ইফালে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাৱিছে এই দুৰ্ঘটনাত নিহত লোকসকলৰ প্ৰতি গভীৰ শোক প্রকাশ কৰে। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা নিহত লোকসকলৰ নিকটত্মায়ীলৈ ৫ লাখ টকাৰ সাহায্য ঘোষণা কৰা হৈছে। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা মন্ত্রী গিৰিশ মহাজনে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে উদ্ধাৰ অভিযানৰ পৰ্যালোচনা কৰে।