ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

মহাৰাষ্ট্ৰৰ জিঅ’ৰাই-বীড ঘাইপথত যোৱানিশা সংঘটিত পথ দুৰ্ঘটনাত ৬জন লোকৰ মৃত্যু

মহাৰাষ্ট্ৰৰ জিঅ’ৰাই-বীড ঘাইপথত যোৱানিশা সংঘটিত এটা পথ দুৰ্ঘটনাত ৬জন লোকৰ মৃত্যু হোৱাৰ উপৰি এজন লোক গুৰুতৰভাৱে আহত হয়। যোৱানিশা জিঅ’ৰাই-বীড ঘাইপথত এখন গাড়ীয়ে ডিভাইডাৰত খুন্দা মাৰে যদিও তেতিয়ালৈ গাড়ীখনৰ যাত্ৰীকেইজন সুৰক্ষিত অৱস্থাতে আছিল। পাছত আটাইকেইগৰাকী যাত্ৰীয়ে ডিভাইডাৰৰ পৰা গাড়ীখন আঁতৰাবলৈ চেষ্টা কৰাৰ সময়তে এখন তীব্ৰবেগী ট্রাকে মহতিয়াই নিয়াত ৬জন লোক থিতাতে নিহত হয়। বীডৰ আৰক্ষী অধীক্ষক নৱনীত কনৱাটে এই ঘটনাৰ তদন্ত অব্যাহত আছে বুলি প্ৰকাশ কৰিছে।