ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

মহাৰাষ্ট্ৰৰ জনসাধাৰণ এটা ৰাজনৈতিক পৰিৱৰ্তনৰ বাবে অত্যন্ত আগ্ৰহেৰে বাট চাই আছেঃ শাৰদ পাৱাৰ

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টী- এছ পিৰ মুৰব্বী শাৰদ পাৱাৰে আজি কৈছে যে, মহাৰাষ্ট্ৰৰ জনসাধাৰণ এটা ৰাজনৈতিক পৰিৱৰ্তনৰ বাবে অত্যন্ত আগ্ৰহেৰে বাট চাই আছে আৰু ৰাজ্যখনৰ সমাগত বিধানসভা নিৰ্বাচনৰ ফলাফলত জনসাধাৰণৰ আশা-আকাংক্ষা বাৰুকৈয়ে প্রতিফলিত হ’ব বুলি তেওঁ আস্থা প্ৰকাশ কৰে। মুম্বাইত আজি মহা বিকাশ অঘাড়ী মিত্ৰজোটৰ এখন যুটীয়া সংবাদমেলত তেওঁ এই কথা প্ৰকাশ কৰে। এসময়ত দেশৰ সর্বোৎকৃষ্ট ৰাজ্য প্ৰশাসন হিচাপে বিবেচিত প্রশাসন ব্যৱস্থাৰ মনোবল মহায়ুতিৰ শাসনকালত সম্পূৰ্ণৰূপে ভাঙি যায় বুলি তেওঁ লগতে দাবী কৰে। মহা বিকাশ অঘাড়ী মিত্রজোটে আইন- শৃংখলা পৰিস্থিতি, মহিলাৰ সুৰক্ষা, দুৰ্নীতি, কৃষকৰ আত্মহত্যা, প্রশ্নকাকত ফাদিল, নিবনুৱা সমস্যা আৰু মহাৰাষ্ট্ৰৰ পৰা উদ্যোগ স্থানান্তৰ আদি বিভিন্ন বিষয় সন্দৰ্ভত শাসনাধিষ্ঠিত মহায়তী চৰকাৰখনক আক্ৰমণ কৰে। আজিৰ এই যুটীয়া সংবাদমেলত মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে, জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পৃথ্বীৰাজ চাৱন, এন চি পি-এছ পিৰ কাৰ্য্যকৰী সভাপতি সুপ্রিয়া সুলে, শিৱসেনা-ইউ বি টিৰ জ্যেষ্ঠ নেতা সঞ্জয় ৰাউট আৰু আদিত্য থাকৰে, মহাৰাষ্ট্ৰ কংগ্ৰেছৰ সভাপতি নানা পাটোলে, বিধানসভাত বিৰোধী নেতা বিজয় ৱাডেটিৱাৰ, কংগ্ৰেছ নেতা তথা সাংসদ বর্ষা গায়কোৱাড়ৰ লগতে অন্যান্য নেতাসকলো উপস্থিত আছিল।
মহা বিকাশ অঘাড়ীৰ নেতাসকলে এন চি পিৰ জ্যেষ্ঠ নেতা তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী বাবা চিদ্দিকিৰ হত্যাকাণ্ডৰ বাবে ৰাজ্য চৰকাৰক সমালোচনা কৰে। বিজেপিক আক্ৰমণ কৰি উদ্ধৱ থাকৰেই কয় যে, নিৰ্বাচনত জয়ী হ’লে মহাৰাষ্ট্ৰ বিকাশ অঘাড়ী মিত্ৰজোটে ঘৃণাৰ ৰাজনীতিৰ পৰিৱৰ্তে উন্নয়নৰ ৰাজনীতিত গুৰুত্ব দিব।