মহাৰাষ্ট্ৰত আজি সাংস্কৃতিক বৈচিত্র্যৰ প্ৰতীক হিচাপে গন্য কৰা গণেশোৎসৱৰ পালন উলহ-মালহেৰে আৰম্ভ হৈছে। ভগৱান গণেশৰ আগমনৰ দিনটোৰ উদযাপন ৰাইজে অতি উৎসাহেৰে শুভাযাত্ৰা আৰু পৰম্পৰাগতভাৱে ঢোল-বাদনেৰে আৰম্ভ কৰা বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। অহা অনন্ত চতুর্দশী পর্যন্ত ১১টা দিন এই উদযাপন চলি থাকিব। গণেশোৎসৱক জনসাধাৰণৰ মাজত অতি জনপ্ৰিয় কৰাৰ কৃতিত্ব লোকমান্য বাল গংগাধৰ তিলকক দিয়া হয়। ১৮৯৩ চনত পুনেত ব্ৰিটিছৰ অত্যাচাৰী শাসনৰ সময়ছোৱাত ভাৰতীয় জনসাধাৰণৰ মাজত একতা আৰু জাতীয়তাবাদৰ মনোভাৱ জগাই তোলাৰ প্ৰধান লক্ষ্যৰে তেওঁ এই উৎসৱ উদযাপনৰ আৰম্ভণি কৰিছিল। তেতিয়াৰে পৰা সমগ্ৰ মহাৰাষ্ট্ৰতে এই উৎসৱ উলহ-মালহেৰে পালন কৰি অহা হৈছে। এই বছৰৰ পৰা মহাৰাষ্ট্ৰ চৰকাৰে গণেশোৎসৱক আনুষ্ঠানিকভাৱে ৰাজ্যিক উৎসৱৰ মৰ্যাদা প্ৰদান কৰিছে।
লোকসভাৰ অধ্যক্ষ ওম বিৰলাই গণেশ চতুৰ্থীৰ প্ৰাকক্ষণত কালি দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে। সামাজিক মাধ্যমত লিখা এটা প’ষ্টৰ জৰিয়তে শ্রীবিৰলাই প্রথম পূজ্য দেৱতা তথা সকলো সাফল্যৰ মূল ভগৱান শ্ৰীগণেশক প্ৰাৰ্থনা কৰি সকলোৰে জীৱনলৈ মংগল আৰু সমৃদ্ধি কঢ়িয়াই অনাৰ বাবে তেওঁৰ আশীৰ্বাদ বিচাৰে। উন্নয়নৰ পথত অবিৰতভাৱে আগবাঢ়ি যাবৰ বাবে ৰাষ্ট্ৰক আশীবাদ প্ৰদান কৰিবলৈ তেওঁ ভগৱান শ্ৰীগণেশক প্ৰাৰ্থনা কৰে।
Site Admin | August 27, 2025 11:57 AM | Ganesh chaturthi
মহাৰাষ্ট্ৰত সাংস্কৃতিক বৈচিত্র্যৰ প্ৰতীক গণেশোৎসৱ উদযাপন
