মহাৰাণা প্রতাপ ষ্টেডিয়ামত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াৰ উদ্বোধনী অনুষ্ঠান আৰম্ভ

উত্তৰাখণ্ডৰ ডেৰাডুনৰ মহাৰাণা প্রতাপ ষ্টেডিয়ামত আজি ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াৰ উদ্বোধনী অনুষ্ঠান আৰম্ভ হৈছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিছু সময়ৰ পাছতে এই ৰাষ্ট্ৰীয় ক্রীড়া আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। অনুষ্ঠানত কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী, ভাৰতীয় অলিম্পিক সন্থাৰ বিষয়ববীয়া তথা ৰাষ্ট্ৰীয় খেলুৱৈ উপস্থিত আছে। উত্তৰাখণ্ডৰ ৮ খন জিলাৰ ১১ খন নগৰত অহা ১৪ ফেব্ৰুৱাৰীলৈকে ৰাষ্ট্ৰীয় ক্রীড়াৰ খেলসমূহ খেলোৱা হ’ব। প্ৰতিযোগিতাত ৩৫ বিধ খেলৰ মুঠ ৪৭টা ইভেণ্ট থাকিব। আজিৰ উদ্বোধনী অনুষ্ঠানত অসমৰ দুজন আন্তর্জাতিক ক্রীড়াবিদ শ্বাটলাৰ অস্মিতা চলিহা আৰু উশু খেলুৱৈ চানমা ব্ৰহ্মই অসম দলৰ ধবজা বহন কৰিছে। অসম অলিম্পিক সন্থাৰ হৈ সম্পাদক লক্ষ্য কোঁৱৰে উদ্বোধনী অনুষ্ঠানত আমন্ত্রিত অতিথি হিচাপে ভাগ লৈছে। এইবাৰ ৰাষ্ট্ৰীয় ক্রীড়াত অসমে মুঠ ২২ বিধ খেলত অংশ ল’ব।