ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

মহাবীৰ চিলাৰায়ৰ ৫১৫ সংখক জয়ন্তী উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তত ভিন্ন কাৰ্যসূচী

মহাবীৰ চিলাৰায়ৰ ৫১৫ সংখক জয়ন্তী উপলক্ষে আজি অসমৰ বিভিন্ন প্ৰান্তত কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত, দৰং জিলা প্ৰশাসন, কোচ-ৰাজবংশী উন্নয়ন পৰিষদ আৰু সদৌ অসম কোচ ৰাজবংশী সন্মিলনৰ সহযোগত মঙলদৈৰ গান্ধী মৈদানত আজি কেন্দ্ৰীয় কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।
সদৌ ডিব্ৰুগড় জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু বিজেপি ডিব্ৰুগড় জিলা সমিতিয়ে আজিৰ পৰা ডিব্ৰুগড়ত দুদিনীয়া কাৰ্যসূচীৰে এই দিৱসৰ আয়োজন কৰিছে। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী আৰু অন্যান্য বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ কথা। কাৰ্যসূচীৰ অংশহিচাপে বিশিষ্ট কবি বিজু শৰ্মাক বীৰ চিলাৰায় বঁটা প্ৰদান কৰা হ’ব। এই অনুষ্ঠানত কমতা শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন কৰা হ’ব বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে। চিৰাং জিলাতো শৌৰ্য আৰু বীৰত্বৰ প্ৰতিভূ কোচ ৰাজ্যৰ সেনাপতি মহাবীৰ চিলাৰায়ৰ জয়ন্তী পালন কৰা হৈছে। বিজেপিৰ চিৰাং জিলা সমিতিয়ে আজি দলটোৰ জিলা কাৰ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে দিৱসৰ আয়োজন কৰিছে। একেদৰে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ বিজনী মহকুমা সমিতিৰ কাৰ্যালয়ৰ প্ৰাংগণত কেইবাটাও সংগঠন কেন্দ্ৰীয়ভাৱে এই অনুষ্ঠানৰ আয়োজন কৰিছে। কোচ ৰাজবংশী জাতীয় পৰিষদে বিজনীৰ চোৱাৰী বড়িপাৰাত চিলাৰায় দিৱস উদযাপন কৰিছে। বঙাইগাঁও জিলাৰ বিভিন্ন স্থানত দিনজোৰা কাৰ্যসূচীৰে চিলাৰায় দিৱস উদযাপন কৰা হৈছে। জিলাখনৰ খোড়াগাঁও ৰাজহুৱা খেলপথাৰত কেইবাটাও সংগঠণৰ উদ্যোগত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। একেদৰে কমতাপুৰ স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগতো দিৱস উদযাপন দিহা কৰা হৈছে। এই অনুষ্ঠানত কোচ ৰাজবংশী সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি অৰুণ কুমাৰ ৰায়ক মৰণোত্তৰভাৱে চলিত বৰ্ষৰ বীৰ চিলাৰায় বঁটা প্ৰদান কৰা হ’ব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।