গুৱাহাটী মহানগৰীৰ দৃশ্যপট সালসলনি কৰাৰ লগতে মহানগৰীৰ বান আৰু যান-যটৰ সমস্যাৰ সৈতে মোকাবিলা কৰাৰ উদ্দেশ্যে চৰকাৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প ৰূপায়ণৰ দিশে আগবাঢ়িছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি গ্ৰহণ কৰা এই পৰিকল্পনাসমূহৰ বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যে আজি আজি দিশপুৰত এখন বিশেষ সভা অনুষ্ঠিত হয়। সভাত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা তথা বিভাগটোৰ বিষয়া, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকা আৰু বিভিন্ন সংগঠনৰ প্ৰতিনিধিকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। সভাত ফাঁচিবজাৰৰ পাইকাৰী বিপণন ক্ষেত্রখন অধিক সুবিধাজনক তথা সূচল স্থানলৈ স্থানান্তৰ কৰা সন্দৰ্ভত আলোচনা কৰা হয়। মন্ত্ৰী মল্লবৰুৱাই কয় যে ফাঁচীবজাৰৰ ঠেক পথ তথা অঞ্চলটোৰ আৱৰ্জনা নিষ্কাষণৰ সমস্যাৰ পৰিপ্ৰেক্ষিতত পাইকাৰী বজাৰখন সুবিধাজনক স্থানলৈ স্থানান্তৰ কৰাৰ জৰিয়তে বাণিজ্যিক উন্নয়নৰ পথ মুকলি হ’ব। এই প্ৰস্তাৱ সন্দৰ্ভত বিভিন্ন ব্যৱসায়িক সম্প্ৰদায়ৰ পৰা ইতিবাচক সহাৰি লাভ কৰা বুলি মন্ত্ৰীগৰাকীয়ে সদৰি কৰে।
Site Admin | May 18, 2025 8:33 PM | Guwahati flood | Jayanta Malla Baruah
মহানগৰীৰ বান আৰু যান-যটৰ সমস্যাৰ সৈতে মোকাবিলা কৰাৰ উদ্দেশ্যে চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প ঘোষণা
