ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

মহানগৰীৰ কৃত্ৰিম বান সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰৰ কাৰিকৰী সমিতি গঠন

মহানগৰীৰ কৃত্ৰিম বান সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগে জনসাধাৰণৰ পৰা পৰামৰ্শ গ্ৰহণৰ অৰ্থে এখন কাৰিকৰী সমিতি গঠন কৰিছে। কামৰূপ মহানগৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা সমিতিয়ে মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ সন্দৰ্ভত জনসাধাৰণে কিবা পৰামৰ্শ দিব বিচাৰিলে suggestionfloodmitigation@gmail.comত ই-মেইলযোগে অহা ২৪ আগষ্টৰ ভিতৰত প্ৰেৰণ কৰিব পাৰিব বুলি এখন জাননীৰ জৰিয়তে প্ৰকাশ কৰিছে।