February 27, 2025 8:13 PM | PM Kumbha Mela

printer

মহাকুম্ভৰ পৰম্পৰাই হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতৰ জাতীয় চেতনা পুনৰ সজীৱ কৰি তুলিছে : প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে মহাকুম্ভৰ পৰম্পৰাই হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতৰ জাতীয় চেতনা পুনৰ সজীৱ কৰি তুলিছে আৰু দেশ তথা সমাজলৈ নতুন পথৰ সন্ধান দিছে। শ্ৰী মোদীয়ে কয়, যে এইবাৰৰ মহাকুম্ভ ১৪৪ বছৰ পাছত অনুষ্ঠিত হৈছে আৰু এই মহাকুম্ভই ভাৰতৰ উন্নয়নৰ যাত্ৰাত এটা নতুন দিশ সূচনাৰ বাৰ্তা বহন কৰিছে। তেওঁ কয়, যে এই বাৰ্তা হৈছে বিকশিত ভাৰতৰ বাৰ্তা।
প্রধানমন্ত্রী মোদীয়ে মহাকুম্ভক একতাৰ মহাযজ্ঞ বুলি অভিহিত কৰে। তেওঁ কয়, যে নিজৰ ঐতিহ্যক লৈ দেশে গৌৰৱ বোধ কৰে আৰু নতুন শক্তিৰে ভৱিষ্যতৰ বাবে আগবাঢ়ি গৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই কথা প্ৰকাশ কৰি শ্ৰী মোদীয়ে কয়, যে দেশৰ ভৱিষ্যত ৰচনা কৰাৰ বাবে এয়া হৈছে ৰূপান্তৰৰ আৰম্ভণি। শ্ৰী মোদীয়ে কয়, যে এই মহাকুম্ভ মেলাত দেশ-বিদেশৰ বিভিন্ন জাতি তথা আদৰ্শৰ লোকে অংশগ্ৰহণ কৰিছে। মহাকুম্ভত বৃহৎ সংখ্যক ভক্তই অংশগ্ৰহণ কৰাটো কেৱল এটা অভিলেখেই নহয়, বৰঞ্চ ই শতিকা শতিকা জুৰি দেশৰ বৰ্ণাঢ্য ঐতিহ্য আৰু সংস্কৃতিৰ শক্তিশালী ভেটি স্থাপন কৰিলে। মহাকুম্ভৰ সফল সমাপ্তিক লৈ সন্তুষ্টি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে জনসাধাৰণৰ প্ৰচেষ্টা, কঠোৰ পৰিশ্ৰম আৰু সংকল্পৰ শলাগ লয়। তেওঁ কয়, যে বিগত ৪৫ দিনত প্ৰয়াগৰাজত বিপুল সংখ্যক ভক্তৰ উপস্থিতয়ে ১৪০ কোটি ভাৰতীয়ৰ বিশ্বাসক প্রতিফলিত কৰিলে। সমাজৰ সকলো শ্ৰেণীৰ লোক একত্ৰিত হোৱা এই মহাকুম্ভ সঁচাকৈ অভিনৱ আছিল বুলি শ্ৰী মোদীয়ে মত প্রকাশ কৰে ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।