ডাউনলোড
মোবাইল এপ

android apple
signal

January 17, 2025 8:06 PM | Mahakumbha Mela

printer

মহাকুম্ভলৈ যোৱা ভক্ত আৰু দৰ্শনাৰ্থীসকলৰ চিকিৎসা সেৱাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ

মহাকুম্ভলৈ যোৱা ভক্ত আৰু দৰ্শনাৰ্থীসকলৰ চিকিৎসা সেৱাৰ ক্ষেত্ৰত সু-ব্যৱস্থা নিশ্চিতকৰণৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। সেই অনুসৰি প্ৰয়াগৰাজ মেলা কৰ্তৃপক্ষই মহাকুম্ভৰ পেৰেড গ্ৰাউণ্ডত ১০০ খন বিছনাযুক্ত এখন চিকিৎ‍সালয় গঢ়ি তুলিছে। ইয়াৰ লগতে দেশী-বিদেশী ভক্তসকলৰ সুবিধা হোৱাকৈ মেলা অনুষ্ঠিত হোৱা অঞ্চলত আন দুখন হাস্পাতালৰো ব্যৱস্থা কৰা হৈছে। এই হাস্পাতালসমূহত বিনামূলীয়াকৈ সকলো ধৰণৰ চিকিৎসা সেৱা প্ৰদান কৰা হৈছে বুলি আকাশবাণীৰ প্ৰয়াগৰাজৰ সংবাদদাতাই প্ৰকাশ কৰিছে।