ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 9, 2024 7:03 PM | PM on Russia

printer

মস্কোত আজি ভাৰতীয় সম্প্ৰদায়ৰ লোকৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মত বিনিময়

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে বিজেপি চৰকাৰে তৃতীয় কাৰ্যকালত ভাৰতবৰ্ষক বিশ্বৰ তৃতীয় সর্ববৃহৎ অর্থ ব্যৱস্থাৰ দেশৰূপে গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ৰাছিয়াৰ মস্কোত আজি ভাৰতীয় সম্প্ৰদায়ৰ লোকৰ সৈতে মত বিনিময় কৰি শ্ৰী মোদীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে সম্প্ৰতি ভাৰত নিৰ্ধাৰণ কৰা যিকোনো লক্ষ্যত উপনীত হ’বলৈ সমৰ্থ হৈছে। তৃতীয় বাৰৰ বাবে চৰকাৰ গঠন কৰাৰ পাছত হোৱা এই কথোপকথনত শ্ৰী মোদীয়ে কয় যে তেওঁ তিনিগুণ অধিক শক্তি আৰু গতিৰে কাম কৰাৰ সংকল্প গ্ৰহণ কৰিছে। তেওঁ কয় যে বর্তমান ভাৰতে বিশ্বক ডিজিটীয় লেনদেনৰ সবাতোকৈ নিৰ্ভৰযোগ্য আৰ্হি প্ৰদান কৰিছে আৰু সামাজিক খণ্ডৰ সর্বোৎকৃষ্ট নীতিৰে দেশৰ নাগৰিকসকলক সবল কৰি তুলিছে। বিগত ১০ বছৰত দেশে লাভ কৰা উন্নয়নৰ গতিক লৈ সমগ্ৰ বিশ্ব আশ্চর্যচকিত হোৱা বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে ভাৰতবৰ্ষলৈ অহা বিশ্বৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণেও দেশখনৰ পৰিৱৰ্তন হোৱা বুলি ক’বলৈ লৈছে। শ্ৰী মোদীয়ে কয় যে ভাৰতত এই পৰিৱৰ্তন অকল ব্যৱস্থা আৰু আন্তঃগাঁথনিৰ মাজতে সীমিত হৈ থকা নাই, বৰং দেশৰ প্ৰতিগৰাকী নাগৰিক আৰু যুৱ প্ৰজন্মৰ আত্মবিশ্বাসৰ মাজতো এই পৰিৱৰ্তন প্ৰত্যক্ষ হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত আৰু ৰাছিয়াই গোলকীয় সমৃদ্ধিত নতুন গতি প্ৰদানৰ উদ্দেশ্যে কান্ধত কান্ধ মিলাই আগবাঢ়িছে। দুয়ো দেশৰ মাজৰ সম্পর্ক সুদৃঢ় কৰাৰ বাবে ৰাষ্ট্ৰপতি পুটিনৰ নেতৃত্বৰ তেওঁ শলাগ লয়। শ্ৰী মোদীয়ে কয় যে ভাৰতৰ বিকাশৰ নতুন ধাৰাই বিশ্বৰ উন্নয়নত এটা নতুন অধ্যায়ৰ সূচনা কৰিব। তেওঁ কয় যে ভাৰতে শান্তি, আলোচনা আৰু কূটনীতিৰ কথা ক’লে বিশ্বই এই কথা আগ্ৰহেৰে লয়। প্রধানমন্ত্রীয়ে কয় যে গোলকীয় অর্থ ব্যৱস্থাৰ বিকাশৰ ক্ষেত্ৰত ভাৰতৰ অৱদান ১৫ শতাংশ হৈছে আৰু অনাগত সময়ত এই হাৰ অধিক বৃদ্ধি পাব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।