প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কি বাত অনুষ্ঠানত মৌ উৎপাদন আৰু ব্যৱসায়ৰ কথা উল্লেখ কৰি কয় যে মৌৰ সোৱাদ আৰু মৌৰ আহৰণত কিমান পৰিক্ৰমা জড়িত হৈ থাকে আৰু প্ৰকৃতিৰ সৈতে সন্তুলন ৰক্ষা কৰি কাম কৰা হয়। কাশ্মীৰৰ পাহাৰীয়া অঞ্চলত হোৱা বন তুলসী অর্থাৎ চুলাই নামৰ ফুলবিধৰ ৰসৰ পৰা আহৰণ কৰা বগা মৌক ৰামবন মৌ বুলি কোৱা হয়। ই GI Tag লাভ কৰিবলৈ সক্ষম হৈছে। এতিয়া গোটেই দেশতে ই বিখ্যাত হৈ পৰিছে।
দক্ষিণ কন্নড়া জিলাৰ পুত্তুৰ নামৰ ঠাইৰ মৌ উৎকৃষ্ট বুলি ধৰা হয়। এতিয়া গ্রামজন্য নামৰ এটি সংস্থাই এই অঞ্চলত আধুনিক পদ্ধতিত মৌ উৎপাদন কৰিছে আৰু চহৰ অঞ্চলতো এই মৌ যোগান ধৰিছে। এই ব্যৱসায়ত জড়িত কেইবাহাজাৰো কৃষক ইয়াৰ দ্বাৰা লাভান্বিত হৈছে।
কৰ্ণাটকৰ তুমকুৰু জিলাত শিৱগংগা কালঞ্জিয়া নামৰ এটি সংস্থাই প্রতিজন সদস্যক আৰম্ভণিতে দুবাৰ মৌৰ বাকচ প্ৰদান কৰি মৌ পালন ব্যৱসায়ত জড়িত কৰায়। তেওঁলোকে পিছত মৌ নিষ্কাষণ কৰি স্থানীয় বজাৰলৈ বিক্ৰী কৰে। ইয়াৰ জৰিয়তে তেওঁলোকে লাখ লাখ টকা উপাৰ্জন কৰিব পাৰিছে।