মন্ত্ৰী প্ৰশান্ত ফুকনে ডিব্ৰুগড়ৰ কাছাৰবাৰীত আয়োজিত প্রধানমন্ত্রী বন ধন যোজনাৰ অন্তৰ্গত ন্যূনতম খাদ্য মূল্যৰ কাৰ্যক্ৰম পৰিদৰ্শন

শক্তি বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকনে ডিব্ৰুগড়ৰ কাছাৰবাৰীৰ বিকাশ চেণ্টাৰ গোটত আজি আয়োজিত প্রধানমন্ত্রী বন ধন যোজনাৰ অন্তৰ্গত ন্যূনতম খাদ্য মূল্যৰ কাৰ্যক্ৰম পৰিদৰ্শন কৰে। মন্ত্রী শ্রীফুকনে জনজাতি সমাজৰ আত্মনিৰ্ভৰশীলতা আৰু কৌশলভিত্তিক উদ্যোগৰ জৰিয়তে জীৱিকা সৃষ্টিৰ এনে প্ৰচেষ্টা প্ৰশংসনীয় বুলি উল্লেখ কৰে। এই ধৰণৰ অনুষ্ঠানসমূহ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সব কা সাথ সব কা বিকাশ, সবকা বিশ্বাসৰ দৃষ্টিভঙ্গীৰ প্ৰতিফলন বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে