ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই আজি বিশ্বনাথ জিলাৰ সম্ভাৱ্য বান পৰিস্থিতিৰ প্ৰস্তুতিৰ লগতে তৃতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাৰ অগ্ৰগতি সন্দৰ্ভত পর্যালোচনা কৰে। তেওঁ বিভাগীয় বিষয়া-কৰ্মচাৰীৰ লগত বৈঠকত মিলিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বিশ্বনাথ, বিহালী আৰু গহপুৰ বিধানসভা সমষ্টিত বানপানীৰ সময়ত মোকাবিলা কৰিবৰ বাবে আগতীয়াকৈ ১ কোটি ৭৫ লাখ টকা মোকলাই দিয়া বুলি প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে বিশ্বনাথৰ বাবে ৭৫ লাখ, বিহালী আৰু গহপুৰৰ বাবে ৫০ লাখকৈ টকা জিলা আয়ুক্তৰ জৰিয়তে মোকলাই দিয়ে। মন্ত্ৰীগৰাকীয়ে এই সভাত জলসম্পদ বিভাগৰো কাম-কাজৰ খতিয়ান লয়। পর্যালোচনা বৈঠকখনত সাংসদ ৰঞ্জিত দত্ত, বিধায়ক প্রমোদ বৰঠাকুৰকে ধৰি কেইবাজনো জ্যেষ্ঠ চৰকাৰী বিষয়া উপস্থিত থাকে।
Site Admin | May 25, 2025 6:54 PM | Keshab Mahanta
মন্ত্ৰী কেশৱ মহন্তৰ বিশ্বনাথ জিলাৰ সম্ভাৱ্য বান পৰিস্থিতিৰ মোকাবিলা আৰু তৃতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাৰ অগ্ৰগতি সন্দৰ্ভত পর্যালোচনা
