ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত মন্ত্রীগোটে বিধানসভাত দাখিল কৰা প্রতিবেদন জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে প্রত্যাখ্যান কৰিছে। উল্লেখযোগ্য যে মন্ত্রীগোটে দাখিল কৰা প্ৰতিবেদনৰ পাছতে জনজাতি সংগঠনসমূহে প্রতিবেদনখন পুংখানুপুংখভাবে অধ্যয়ন কৰি সিদ্ধান্ত ল’বলৈ এমাহ সময় বিচাৰিছিল। সমন্বয়ৰক্ষী সমিতিয়ে মানৱাধিকাৰ কৰ্মী সুহাস চাকমাৰ অধ্যক্ষতাত এখন বিশেষজ্ঞ সমিতি গঠন কৰিছিল। এই বিশেষজ্ঞ সমিতিয়ে মন্ত্রীগোটৰ প্রতিবেদন তন্ন তন্নকে অধ্যয়ন কৰি প্ৰয়োজনীয় নথি-পত্রসহ জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিক চূড়ান্ত প্রতিবেদন দাখিল কৰে। কালি এখন সংবাদমেলত সমন্বয়ৰক্ষী সমিতিৰ নেতৃত্বই এই বিষয়টো সম্পূৰ্ণৰূপে নাকচ কৰি ভাৰতীয় সংবিধানত অনুসূচিত জাতি আৰু জনজাতি দুটা সুকীয়া আৰু স্বকীয় বৈশিষ্ট থকা পৃথক গোট বুলি মন্তব্য কৰে। তেওঁলোকে লগতে পৰৱৰ্তী পদক্ষেপ হিচাপে ৪ অথবা ৫ জানুৱাৰীত মন্ত্রীগোটক বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদনখন দাখিল কৰা হ’ব বুলি জানিবলৈ দিয়ে।
Site Admin | January 3, 2026 1:53 PM | 6 Schedule
মন্ত্রীগোটে বিধানসভাত দাখিল কৰা প্রতিবেদন জনজাতি সংগঠনৰ সমন্বয়ৰক্ষী সমিতিৰ প্রত্যাখ্যান